Breaking

গণ সুৰক্ষা পাৰ্টীৰ প্ৰক্ষেপিত প্ৰাৰ্থীক সমৰ্থন নকৰে চাপাগুৰি সমষ্টিৰ অবড়ো ভোটাৰে

0 2,034

 আসন্ন বিধান সভা নিৰ্বাচনৰ পৰিপ্ৰক্ষিতত ক্ৰমাৎ গৰম হৈ পৰিছে ৰাজনৈতিক ক্ষেত্ৰ। ইতিমধ্যে প্ৰতিটো ৰাজনৈতিক দলে জয়লাভৰ দাবীৰে অনানুষ্ঠানিকভাৱে প্ৰচাৰ চলোৱা দেখা গৈছে। ৰাজ্যিক নিৰ্বাচন আয়োগে আনুষ্ঠানিকভাৱে নিৰ্বাচনৰ দিন ঘোষণা কৰা নাই যদিও ৰাজনৈতিক দল সমূহে বুথ, মণ্ডল আদি সমিতি গঠন কৰা পৰিলক্ষিত হয়। বিগত বিটিচি নিৰ্বাচনত বেয়াকৈ মুখ ঠেকেচা খোৱা গণ সুৰক্ষা পাৰ্টীয়ে এইবাৰ বিধান সভা নিৰ্বাচনতো প্ৰতিদ্বন্দিতা কৰাৰ মন মেলিছে। ইয়াৰ সমান্তৰালভাৱে গণ সুৰক্ষা পাৰ্টীৰ মূল চালিকা শক্তি অবড়ো সুৰক্ষা সমিতিয়েও নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰাৰ বাবে যো-জা চলোৱাৰ বাতৰি পোৱা গৈছে। বিগত সময়ছোৱাত গণ সুৰক্ষা পাৰ্টী আৰু অবড়ো সুৰক্ষা সমিতিৰ বহু লোক নিজ দল তথা সংগঠন ত্যাগ কৰি অইন দলত যোগদান কৰে। ইয়াৰ পিছতো বৃহত্তৰ অবড়ো জনতাই নিজৰ শক্তি প্ৰদৰ্শণৰ বাবে আগন্তুক বিধান সভা নিৰ্বাচনত সৰ্বশক্তিৰে অবতীৰ্ণ হোৱাৰ বাবে কুছকাৱাজ চলাইছে। কোকৰাঝাৰ লোকসভা সমষ্টিৰ সাংসদ নৱ কুমাৰ শৰণীয়া নেতৃত্বাধীন গণ সুৰক্ষা পাৰ্টীৰ পিতৃ সংগঠন অবড়ো সুৰক্ষা সমিতিৰ কাৰ্যকৰ্তা সকলে এগৰাকী যোগ্য ব্যক্তিক দলীয় প্ৰাৰ্থী হিচাপে প্ৰক্ষেপ কৰাৰ যো-জা চলাইছে। এই সম্পৰ্কে বাক্সা জিলাৰ চৰাইমাৰীত অনুষ্ঠিত এখন সভাত ৬৩ নং চাপাগুৰি সমষ্টিৰ অবড়ো ভোটাৰে এজন যোগ্য ব্যক্তিক প্ৰাৰ্থিত্ব প্ৰদান কৰাৰ বাবে সৰ্বসন্মত সিদ্ধান্ত গ্ৰহণ কৰে। ইয়াৰ সমান্তৰালভাৱে বৃহত্তৰ অবড়ো ভোটাৰৰ সন্মতি অবিহনে গণ সুৰক্ষা পাৰ্টীৰ নেতৃত্বই যদি নিজ স্বাৰ্থৰ বাবে নিজাকৈ প্ৰাৰ্থিত্ব আগবঢ়ায় তেনেহলে চাপাগুৰি সমষ্টিৰ অবড়ো ভোটাৰে কোনোপধ্যে মানি নলয় বুলি হুংকাৰ দিয়ে ৷ এই সম্পৰ্কে অবড়ো সুৰক্ষা সমিতিৰ দিহিৰা পৰিষদীয় সমষ্টিৰ সম্পাদক প্ৰদীপ দাসে অবড়ো জনতাৰ আশা-আকাংক্ষা পূৰণ কৰাৰ স্বাৰ্থতে সদায় জনতাৰ পক্ষত থাকিব লাগে বুলি মন্তব্য কৰি তেখেতে গণ সুৰক্ষা পাৰ্টীৰ নিজাববীয়াকৈ প্ৰাৰ্থিত্ব প্ৰক্ষেপ কৰিলে তাক সমৰ্থন নকৰে বুলি স্পষ্ট কৰি দিয়ে।

Leave A Reply

Your email address will not be published.