যি সময়ত একাংশই বিভিন্ন ভেদভাৱ সৃষ্টি কৰি সমন্বয় আৰু সম্প্ৰীতিৰ মাজত ভাঙোন আনিব খুজিছে সেই সময়ত অসমৰ চুবুৰীয়া ৰাজ্য পশ্চিমবংগৰ কোচবিহাৰত ৰাস উৎসৱৰ জৰিয়তে সমন্বয় আৰু সম্প্ৰীতিৰ এনাজৰী টনকিয়াল কৰিব ধৰিছে।এই বিষয়ে কোচবিহাৰৰ মধুপুৰ সত্ৰ সমিতিৰ প্ৰচাৰ সম্পাদক যুগান্ত বায়নে এই সন্দৰ্ভত প্ৰকাশ কৰা এটা বিবৃতিত কয় যে কোচবিহাৰৰ ৰাস মহাপুৰুষ শংকৰদেৱৰ বৃহত্তৰ ধ্যান-ধাৰণা আৰু সংস্কৃতিৰ এক নব্য ৰূপ।কোচবিহাৰৰ ৰাস চক্ৰৰ নিৰ্মাণ কার্যত মুছলিম পৰিয়ালো জড়িত হৈ পৰিছে।কোচবিহাৰৰ ৰাস চক্ৰৰ মাজত বিদ্যমান হিন্দু, বৌদ্ধ আৰু ইছলামীয় প্রভাব। অতীত কালত কোচবিহাৰ, পার্শ্ববর্তী বৃহত্তৰ পূৰ্বাঞ্চলত মহাপুৰুষ শংকৰদেৱৰ আদৰ্শৰ ব্যাপক প্ৰচাৰ আৰু প্ৰসাৰ ঘটিছিল।
এই প্রসংগত ‘দামোদৰ চৰিত’ত পোৱা যায়- ‘লক্ষ্মীনাৰায়ণ পুত্র-পত্নীলৈকে শৰণ দামোদৰ চৰণত।’ মহাৰাজ নৰনাৰায়ণ বৈষ্ণব ধর্মত দীক্ষিত হ’লেও তেওঁ শিৱৰ প্রতি সমানে অনুৰক্ত আছিল। লক্ষ্মীনাৰায়ণৰ পুত্র মহাৰজা বীৰ নৰনাৰায়ণৰ শাসন। কালত (১৬২১-১৬২৫ খ্রীঃ) বৈষ্ণৱ ধৰ্মৰ ব্যাপক প্ৰচাৰ আৰু প্ৰসাৰ হয়। সেই সময়তেই শংকৰদেৱৰ প্রিয় শিষ্য মাধবদের কোচবিহাৰলৈ আহে। অষ্টাদশ শতিকাৰ শেষ ভাগত মহাৰজা হৰেন্দ্ৰ নাৰায়ণৰ সময়ত শংকৰদেৱ প্রবর্তিত ‘একশৰণ’ বৈষ্ণৱ মত আৰু গৌড়ীয় বৈষ্ণৱ মত তথা আদৰ্শৰ অপূর্ব সমন্বয় ঘটে। অন্য দিশে অষ্টাদশ শতিকাৰ শেষ ভাগত গৌড়ীয় বৈষ্ণব আদৰ্শৰ প্রভাব বৃদ্ধি হোৱাত শংকৰদেৱৰ আদৰ্শৰ প্রভার স্তিমিত হ’বলৈ ধৰে। কিন্তু মদন মোহন শংকৰী ধাবাক সাৰথি কৰি একশবণ, আদর্শ, মত, বিশ্বাস আৰু ইতিহাস চেতনাক কেইবাদশক ধৰি আদর্শ হিচাপে গ্রহণ কৰি কোচবিহাৰৰ বৃহত্তৰ ৰাস উৎসবে আজিও মহাপুৰুষ শংকৰদেৱৰ আদৰ্শৰ বিজয় নিচান উৰুবাই আহিছে। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ স্মৃতি বিজড়িত পুৰণি বৰ অসমৰ অভিন্ন অংগ কোচবিহাৰৰ ৰাসৰ মূল আধাৰ বিন্দু শ্রীকৃষ্ণ নহয়, ‘মদন মোহন’।
বিষ্ণুৰূপী অদ্বৈত ৰূপ এই মদন মোহনৰ। মদন মোহন কোচবিহাবৰ ৰাজবংশৰ ইষ্ট দেৱতা। এই প্ৰসংগতে উল্লেখ কৰিব পাৰি শ্ৰীমন্ত শংকৰদেৱৰ নাম। মহাপুৰুষজনাই প্ৰৱৰ্তন কৰা বৈষ্ণৱ ধৰ্মৰ মূলমন্ত্রই হ’ল ‘এক শৰণ’। ৰাধাবিহীন মদন মোহন (কৃষ্ণ)ৰ পূজা-অর্চনা তথা মাহাত্ম্য প্রচাৰে শংকৰদেৱৰদ্বাৰা প্ৰৱৰ্তিত বৈষ্ণৱ ধৰ্মৰ মূল কথা। অনেক ঘাত-প্রতিঘাতৰ মাজত শংকৰদেৱে কোচ মহাৰজা নৰনাৰায়ণৰ আশ্রয়ত থাকিবলৈ লয়। এই বিষয়ত মুখ্য ভূমিকা পালন কৰিছিল মহাৰাজৰ ভাতৃ সেনাপতি বীৰ চিলাৰায়ে। যিজনা বীৰ শুক্লধ্বজ হিচাপেও পৰিচিত। ৰজা নৰনাৰায়ণে শংকৰদেৱক অকল ধর্মগুক হিচাপে মানি লোৱা নাছিল, ৰজাই শংকৰদেৱক কোচবিহাৰৰ উপকণ্ঠ অঞ্চলত সত্র স্থাপন কৰি ধৰ্ম প্ৰচাৰৰ কাৰণে সুবিধা কৰি দিছিল। ৰজা নৰনাৰায়ণে শংকৰদেৱৰ শিস্য হ’বলৈ ইচ্ছা প্রকাশ কৰিছিল যদিও মহাপুৰুষজনাই ৰজাৰ গুৰু হ’বলৈ অস্বীকাৰ কৰিছিল। ইয়াৰ পৰিৱৰ্তে ৰজা নৰনাৰায়ণক এটা বিষ্ণু মূর্তি স্থাপন কৰি অনন্ত কন্দলিক পূজা- অৰ্চনা কৰিবলৈ শংকৰদেৱে দায়িত্ব দিয়ে। এই বিগ্রহকেই পৰৱৰ্তী কালত মদন মোহন-লক্ষ্মীনাৰায়ণ নামে জনা যায়।