Breaking

ৰীলে কাল হ’ল মহাৰাষ্ট্ৰৰ এগৰাকী যুৱতীৰ বাবে…

0 24

ৰিল ভিডিঅ’ কাল হ’ল যুৱতীৰ বাবে। ৰিল ভিডিঅ’ বনাবলৈ গৈ মৃত্যু যুৱতীৰ। মহাৰাষ্ট্ৰৰ ৰায়গড়ত সংঘটিত হৈছে অঘটন। ঘটনা অনুসৰি, মঙলবাৰেম হাৰাষ্ট্ৰৰ ৰায়গড় জিলাৰ কুম্ভে জল প্ৰপাতলৈ ফুৰিবলৈ গৈছিল অনভি নামৰ এগৰাকী যুৱতী। অনভিৰ সৈতে আছিল সাতজন বন্ধু। ফুৰবলৈ যোৱা অনভিয়ে ৰিল ভিডিঅ’ বনাবলৈ জল প্ৰপাতৰ তললৈ যায়। কিন্তু নিজকে চম্ভালিব নোৱাৰি ভৰি পিছলি পৰি যায় অনভি। লগে লগে ঘটনা সন্দৰ্ভত স্থানীয় আৰক্ষীক খবৰ দিয়ে বন্ধু বৰ্গই।

আৰক্ষীয়ে ঘটনা সন্দৰ্ভত খবৰ পোৱাৰ লগে লগে যুৱতীগৰাকীক উদ্ধাৰ কৰিবলৈ ঘটনাস্থলীত উপস্থিত হয় আৰক্ষী আৰু উদ্ধাৰ অভিযান আৰম্ভ কৰে। অৱশেষত ৬ ঘণ্টাৰ চেষ্টাৰ অনন্ত যুৱতীগৰাকীক আহত অৱস্থাত উদ্ধাৰ কৰা হয়। লগে লগে নিকটৱৰ্তী হাস্পতালত ভৰ্তি কৰোৱা হয় তেওঁক। কিন্তু চিকিৎসাধীন অৱস্থাত মৃত্যুক আঁকোৱালি লয় যুৱতীগৰাকীয়ে।

Leave A Reply

Your email address will not be published.