Breaking

৫ দিনলৈ অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ আকাশ ডাৱৰীয়া হৈ থকাৰ সম্ভাৱনাৰ কথা প্ৰকাশ কৰিছে আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই…

0 18

৫ দিনলৈ অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ আকাশ ডাৱৰীয়া হৈ থকাৰ সম্ভাৱনাৰ কথা প্ৰকাশ কৰিছে আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই। অসমত ধাৰাসাৰ বৰষুণ আহিব পাৰে বুলিও বতৰ বিজ্ঞান কেন্দ্ৰই সতৰ্কবাণী জাৰি কৰিছে।

অসমৰ উপৰি মেঘালয়, মণিপুৰ, নাগালেণ্ড আৰু মিজোৰামতো আহিব পাৰে প্ৰচণ্ড বৰষুণ। সোমবাৰে বিয়লি অহা মুষলধাৰ বৰষুণত মহানগৰী কৃত্ৰিম বানত ডুবিল ।মহানগৰীৰ কৃত্ৰিম বান ৰোধৰ বাবে নলা নৰ্দমা নিষ্কাষণৰ বাবে অত্যাধুনিক যন্ত্ৰ চৰকাৰে ব্যৱহাৰ কৰিছে যদিও মহানগৰীৰ কৃত্ৰিম বান ৰোধত ব্যৰ্থ হৈছে ।

ঠায়ে ঠায়ে একাঠু পৰ্যন্ত পানী হোৱা পৰিলক্ষিত হৈছিল ।এনেক্ষেত্ৰত উল্লেখিত ৰাজ্যকেইখনৰ বাসিন্দাসকলক অপ্ৰয়োজনত বাহিৰলৈ অহা তথা পৰ্যটন আদিৰ ক্ষেত্ৰত সাৱধানতা অৱলম্বন কৰিবলৈ পৰামৰ্শ জাৰি কৰিছে।

Leave A Reply

Your email address will not be published.