বড়ো অধ্যুষিত অঞ্চলৰ শৈক্ষিক উন্নয়নত অগ্ৰনী ভুমিকা গ্ৰহণ

বিশ্বনাথ জিলাৰ ইটাখোলাৰ বালিজুৰিস্থিত এডেন বাৰীত বড়ো সাহিত্য সভাৰ নদুৱাৰ আঞ্চলিক সমিতিৰ ৪৮ তম বাৰ্ষিক অধিবেশন যোৱা ১৬  নৱেম্বৰৰ দিনযোৰা কাৰ্যসুচীৰে অনুষ্ঠিত হৈ যায়।  বিশ্বনাথ জিলাৰ অন্তৰ্গত বালিজুৰিৰ নিকটৱৰ্তী ইডেন বাৰী প্ৰাথমিক বিদ্যালয়ৰ খেলপথাৰত অনুষ্ঠিত হোৱা অনুষ্ঠানটিত পুৱা পতাকা উত্তোলন কৰে বড়ো সাহিত্য সভা নদুৱাৰ আঞ্চলি সভাপতি কমল সিং বসুমতাৰীয়ে আৰু স্মৃতি তৰ্পন কৰে সম্পাদক দানচেৰাং দৈমাৰীয়ে। এদিনীয়াকৈ আয়োজিত অনুষ্ঠানটিৰ কাৰ্যসূচী অনুসৰি পতাকা উত্তোলন আৰু স্মৃতি তৰ্পন কাৰ্যসূচীৰ অন্তত স্থানীয় ছাত্ৰ-ছাত্ৰীৰ মাজত ক্ৰীড়া প্ৰতিযোগিতৰে ছাত্ৰ-ছাত্ৰীসকলক  উৎসাহিত কৰে। বাৰ্ষিক অধিৱেশনটিৰ মুল কাৰ্যসূচী হিচাপে দিনৰ এক বজাৰ পৰা অনুষ্ঠিত হয় প্ৰতিনিধি সভা। নদুৱাৰ আঞ্চলিক বড়ো সাহিত্য সভাৰ সভাপতি কমলসিঙ বসুমতাৰীৰ পৌৰোহিতত আৰু বিশিষ্ট শিক্ষক বিদ্যুৎ বড়োৱে শুভ উদ্ধোধন কৰা প্ৰতিনিধি সভাত বৃহত্তৰ অঞ্চলটিৰ ৯৪ টা শাখা সাহিত্য সভাৰ গোটে অংশ গ্ৰহণ কৰে। সভাত বৃহত্তৰ অঞ্চলৰ বিভিন্ন সামাজিক দিশৰ ওপৰত আলোকপাত কৰাৰ লগতে বড়ো জনগোষ্ঠী অধ্যুষিত এলেকাত শৈক্ষিক দিশত অগ্ৰণী ভুমিকা গ্ৰহণ,বৰ্তমাণেও শোণিতপুৰ জিলাৰ নদুৱাৰ বড়ো সাহিত্য সভাক বিশ্বনাথ জিলা কৰাৰ লগতে নদুৱাৰ অঞ্চলৰ বড়ো মাধ্যম শিক্ষানুষ্ঠানসমুহত বড়ো ভাষা শিক্ষা দানৰ বাবে বড়ো ভাষা শিক্ষক নিযুক্তি দিবলৈ বিভাগীয় কৰ্তৃপক্ষক প্ৰস্তাৱ প্ৰেৰণৰ প্ৰস্তাৱ গ্ৰহণ কৰে। ইয়াৰ উপৰিও অঞ্চলটিত সমাজৰ হকে কাম কৰা বিশেষ আদৰ্শ বান লোকক সম্মান যচাৰ লগতে অৱসৰ প্ৰাপ্ত বিশিষ্ট শিক্ষক গজেন নাৰ্জাৰীকো সভাত নদুৱাৰ আঞ্চলিক সাহিত্য সভাই আৰনাই আৰু প্ৰশস্তিৰে সন্মান প্ৰদান কৰা হয় । প্ৰতিনিধি সভাত বিশনাথ বড়ো ছাত্ৰ সন্থাৰ শিক্ষা সম্পাদক খৰেন গয়াৰী,উপ-সভাপতি নাৰায়ণ বসুমতাৰী,নদুৱাৰ বড়ো ছাত্ৰ-সন্থাৰ সভাপতি ৰঞ্জন ৰামচিয়াৰীসহ কেইবা গৰাকী বিশিষ্ট ব্যক্তি উপস্থিত থাকে। অধিৱেশন স্থলীত বড়ো নৃত্যৰ লগতে বাগুৰুম বা নৃত্য প্ৰদৰ্শন কৰি উপস্হিত প্ৰতিনিধি তথা দৰ্শকক আপ্লুত কৰায়।

Related Articles