Breaking

মুখৰ সৌন্দৰ্য্যত ওঁঠৰ ভূমিকা আটাইতকৈ গুৰুত্বপূৰ্ণ! কেনেকৈ ধুনীয়া কৰিব আপোনাৰ ওঁঠযুৰি…

0 26

মুখৰ সৌন্দৰ্য্যত ওঁঠৰ ভূমিকা আটাইতকৈ গুৰুত্বপূৰ্ণ। মৌৰ সহায়ত আপুনি আপোনাৰ ওঁঠ দুটা সুন্দৰ আৰু সুস্থ কৰি ৰাখিব পাৰিব। আমাৰ বহুতৰে ওঁঠযুৰি শুকান আৰু ৰংহীন হৈ পৰে আৰু ইয়াৰ ফলত ফাটিবলৈ আৰম্ভ কৰে ওঁঠযুৰি। ওঁঠৰ লগত জড়িত বেছিভাগ সমস্যাই ঠাণ্ডা বতৰত দেখা দিয়ে। যদিও ওঁঠৰ সৌন্দৰ্য্যৰ বাবে বজাৰত বহু ধৰণৰ লিপ বাম আৰু মইশ্ব’ৰাইজাৰ পোৱা যায় তথাপিও মৌ লগাইও আপুনি আপোনাৰ ওঁঠযুৰি ভালকৈ ৰাখিব পাৰে-

যদি আপোনাৰ ওঁঠ অতি সোনকালে শুকাই যায়, তেন্তে ইয়াৰ বাবে আপুনি মৌ ব্যৱহাৰ কৰিব পাৰে। মৌৰ মইশ্ব’ৰাইজিং গুণৰ বাবে ই আপোনাৰ ওঁঠৰ আৰ্দ্ৰতা দীৰ্ঘ সময় ধৰি ৰাখিব।

ওঁঠত মৰা ছাল জমা হোৱাৰ বাবে অতি শুকান দেখাবলৈ আৰম্ভ কৰে। এনে পৰিস্থিতিত মৌৱে প্ৰাকৃতিক স্ক্রাব হিচাপে কাম কৰে। ইয়াত এক প্ৰকাৰৰ এনজাইম থাকে গতিকে ই একেবাৰেই মৃত ছালখন অতি সহজে আঁতৰাই পেলায়।

বহু সময়ত যত্নৰ অভাৱ আৰু ধূমপানৰ বাবে ওঁঠৰ প্ৰাকৃতিক ৰং সলনি হ’বলৈ আৰম্ভ কৰে। এনে পৰিস্থিতিত ওঁঠৰ ৰং বজাই ৰখাত মৌ অতি উপকাৰী বুলি প্ৰমাণিত হয়।

ওঁঠত লগাবলৈ জৈৱিক মৌ ব্যৱহাৰ লাগে আৰু তাত একো মিহলি নকৰাকৈ পোনে পোনে ওঁঠত আঙুলিৰে লগাব লাগে। ২-৩ মিনিট মৌৰে ওঁঠ মালিচ কৰি তাৰ পিছত পৰিষ্কাৰ তিতা টাৱেলেৰে পৰিষ্কাৰ কৰক।

Leave A Reply