Breaking

“আলফাৰ কলংকিত অধ্যায়

0 2,648

স্বাধীন অসমৰ সপোন দেখা আলফাই নব্বৈৰ দশকত নিৰীহ লোকৰ ওপৰত চলোৱা শাৰীৰিক মানসিক নিৰ্যাতনৰ জীৱন্ত দলিল “আলফাৰ কলংকিত অধ্যায়” ।

গ্ৰন্থখনৰ পৃষ্ঠাই পৃষ্ঠাই আলফাই ৯০ ৰ দশকত সংঘটিত কৰা হত্যা নিৰ্যাতনৰ নিৰ্মম বৰ্ণনা ।

আলফাৰ নীতি আদৰ্শ সমৰ্থন কৰিব নোৱাৰাৰ বাবেই জীৱন্তে গাত খান্দি পুতি পেলোৱা হৈছিল তেজাল অসমীয়া যুৱকক । গুহ্য দ্বাৰেৰে সোমোৱাই দিয়া হৈছিল নিমখ ।

স্বাধীনতাৰ সপোন দেখা আলফাক মহামানৱ মহাত্মা গান্ধীৰ অহিংস নীতি গ্ৰহণ কৰিবলৈ জনোৱা আহ্বানৰ বাবেই সত্তৰোৰ্দ্ধ স্বাধীনতা সেনানিক নিৰ্মম বেত্ৰাঘাতেৰে থকা সৰকা কৰি পেলোৱা হৈছিল । ৯০ ৰ দশকত আলফাই নিৰীহ লোকৰ ওপৰত চলোৱা শাৰীৰিক, মানসিক নিৰ্যাতনৰ শিহৰণকাৰী বৰ্ণনাৰে লখিমপুৰৰ এগৰাকী সাহসী মহিলা তথা আলফাৰ দ্বাৰা নিৰ্যাতিত পৰিয়ালৰ ৰঞ্জু নেওঁগ হাজৰিকাই যুগুত কৰি উলিওৱা আলফাৰ কলংকিত অধ্যায় আজি নৰ্থ লখিমপুৰ প্ৰেছ ক্লাবত উন্মোচন কৰা হয় । প্ৰথম অৱস্থাত সামাজিক মাধ্যম ফেচবুকৰ জৰিয়তে আলফাৰ নৃশংস ঘটনাৱলী সামৰি ১৫২ পৃষ্ঠাৰ গ্ৰন্থখনি আজি আলফাই নৃশংস ভাৱে হত্যা কৰা শ্বহীদ কুমুদ হাজৰিকাৰ মৃত্যু তিথিৰ দিনাই উন্মোচন কৰে মাতৃ নিৰ্মলা হাজৰিকা আৰু মুক্তি যোদ্ধা ৰাধানন্দ বৰাই ।

ৰঞ্জু নেওঁগ হাজৰিকা আৰু অমৰদ্বীপ বৰুৱাই সম্পাদনা কৰা আলফাৰ কলংকিত অধ্যায় শীৰ্ষক গ্ৰন্থ উন্মোচনী সভাখনত লখিমপুৰ জিলা সাহিত্য সভাৰ প্ৰাক্তন সভাপতি মাধৱ হাজৰিকা, নিৰ্যাতিত পৰিয়ালৰ মিনু ৰাজবংশী, ৰামেশ্বৰ নেওঁগকে ধৰি ভালেসংখ্যক লোক উপস্থিত থাকে ।

Leave A Reply

Your email address will not be published.