Breaking

ৰাজ্য চৰকাৰে ৫ বছৰত ১.৫০ লাখ নিযুক্তিৰ লক্ষ্যৰে আগবাঢ়িছে : মুখ্যমন্ত্ৰী…

0 25

মুখ্যমন্ত্ৰীৰ ভাষণ:

নিৰ্বাচনৰ সময়ত দিয়া প্ৰতিশ্ৰুতি মতে আমি ১ লাখ নিযুক্তি দিশে আগুৱাই গৈ আছোঁ

নিযুক্তি প্ৰক্ৰিয়া স্বচ্ছ ভাৱে কৰিব পাৰোঁ তাৰ বাবে গুৰুত্ব প্ৰদান কৰা হৈছে

স্বচ্ছ আৰু নিকা নিযুক্তিৰ সময়ত ৰাজনৈতিক কাৰণ নিহিত থাকে

ৰাজ্যৰ অধিক সংখ্যক লোক ৰাজনৈতিক দলৰ সৈতে জড়িত হৈ থকা বাবেই আমি নিযুক্তি প্ৰক্ৰিয়া স্বচ্ছ কৰিবলৈ বাধ্য

স্বচ্ছ নিযুক্তিৰ বাবে ৰাজনৈতিক আৰু ব্যক্তিগত কিছু সমস্যাৰ সন্মুখীন হব লগীয়া হয়

যিকোনো পৰিস্থিতি নহওঁক কিয় আমি অসমত এটা স্বচ্ছ নিযুক্তিৰ বাতাবৰণ সৃষ্টি কৰিম
২০২২ ত ৪০৪৬৭ টা নিযুক্তি
২০২৩ ত ৫৫৫০০ টা নিযুক্তি
২০২৪ ত ২০০৩ টা নিযুক্তি

আজিলৈকে আমি ৯৭৯৭০ নিযুক্তি স্বচ্ছতাৰে দিবলৈ সক্ষম হলো

ৰাজ্য চৰকাৰে ৫ বছৰত ১.৫০ লাখ নিযুক্তিৰ লক্ষ্যৰে আগবাঢ়িছে

চৰকাৰী কৰ্মচাৰী নিহত হলে কৰ্মচাৰী গৰাকীৰ ঘৰত পেঞ্চন দিয়াৰ ব্যৱস্থা কৰোঁ

এইবছৰ পৰা সৰ্বশিক্ষাত ঠিকাভিত্তিক নিযুক্তি নোহোৱা হব ।

চৰকাৰী কৰ্মচাৰীয়ে চৰকাৰ খনক বেয়া পাইছে

হিমন্ত বিশ্ব শৰ্মা মুখ্যমন্ত্ৰী হোৱাৰ পিছত চৰকাৰী কৰ্মচাৰীয়ে বেছিকৈ কাম কৰিব লগীয়া হোৱা বাবেই চৰকাৰ খনক বেয়া পাইছে ।

ৰাইজে ভোট দিব, নিদিব, চৰকাৰ আহিব, যাব, ক্ষমতা থাকিব, নাথাকিব এই বিষয়ত গুৰুত্ব নাই , কিন্তু অসমৰ সৰ্বাংগীন উন্নয়ন হবই লাগিব তাতেই আমি গুৰুত্ব দিম ।

এই খন চৰকাৰৰ বিৰুদ্ধে আজিলৈকে কোনেও এটা দুৰ্নীতিৰ বিৰুদ্ধে গোচৰ তৰিব পৰা নাই

Leave A Reply

Your email address will not be published.