Breaking

দাবী মীমাংসা নোহোৱালৈকে চলিব ধৰ্মঘট; চছলৰ পৰা অঙ্গনৱাড়ী কৰ্মী-সহায়িকাৰ হুঙ্কাৰ

0 138

মাননিৰ সলনি মজুৰি আদায় দিয়া অথবা মজুৰি দিব নোৱাৰালৈকে মাননিৰ পৰিমাণ বৃদ্ধি কৰাৰ দাবীত চলা অঙ্গনৱাড়ী কৰ্মী সহায়িকাৰ বিক্ষোভ ধৰ্মঘটৰ কাৰ্যসূচী আজি চাৰি মাহ অব্যাহত আছে। শেহতীয়াকৈ বিভাগীয় সঞ্চালকে চৰকাৰলৈ প্ৰৰণ কৰা প্ৰস্তাৱৰ ভিত্তিত চৰকাৰী ঘোষণাৰ দাবী জনাই সোমবাৰে প্ৰায় ১৭ সহস্ৰাধিক কৰ্মী সহায়িকাই মহা বিক্ষোভ প্ৰদৰ্শন কৰে দিছপুৰত। কিন্তু অসমৰ বিজেপি চৰকাৰখনে কোনো গ্ৰহণযোগ্য উত্তৰ নিদিয়াত দিনে নিশাই বিক্ষোভ ধৰ্মঘট চলাই আছে চি আই টি ইউৰ অন্তৰ্ভুক্ত অসম ৰাজ্যিক অঙ্গনৱাড়ী কৰ্মী-সহায়িকা সন্থাই।

খবৰ অনুসৰি অসম চৰকাৰৰ মহিলা আৰু শিশু কল্যাণ মন্ত্ৰীয়ে ৪ মাৰ্চত সংগঠনটোৰ নেতৃত্বৰ লগত আলোচনাত মিলিত হ’ব বিচাৰিছে। ইপিনে বিক্ষোভকাৰী সংগঠনটোৰ ৰাজ্যিক সভাপতি জয়মতী দাস আৰু ইন্দিৰা নেৱাৰে এই আলোচনা লৈকে বিক্ষোভ ধৰ্মঘট অব্যাহত থাকিব বুলি জানিবলৈ দিয়ে। চৰকাৰে গ্ৰহণযোগ্য উত্তৰ নিদিয়ালৈকে ৰাজ্যজোৰা অসহযোগ চলি থাকিব আৰু চচলত অৱস্থান ধৰ্মঘটো চলি থাকিব। মঙলবাৰে বিক্ষোভ স্থলীত চি পি আই এমৰ বিধায়ক মনোৰঞ্জন তালুকদাৰ উপস্থিত হয়। তেখেতে অঙ্গনৱাড়ী কৰ্মী-সহায়িকাৰ মাননি বৃদ্ধিৰ দাবীতো বিৰোধী পক্ষৰ ফালৰপৰা বিধানসভাত উত্থাপন কৰাৰ পিছত বিজেপি চৰকাৰে এই বিষয়টো এৰাই চলিব বিচৰা বুলি জনাই।

ইতিমধ্যে এনে গুৰুত্বপূৰ্ণ বিষয় এৰাই চলাৰ প্ৰতিবাদত যোৱা ২২ ফেব্ৰুৱাৰীত বিৰোধী বিধায়কসকলে সদন ত্যাগ কৰাৰ কথা ব্যক্ত কৰে। তেখেতে অতি শীঘ্ৰে অঙ্গনৱাড়ী কৰ্মী সহায়িকা সকলৰ ন্যায্য দাবীবোৰ মানি লৈ যোৱা অক্টোবৰ মাহতে বিভাগীয় সঞ্চালকে চৰকাৰলৈ পথোৱা ধৰণে কৰ্মী সহায়িকাৰ মাননি বৃদ্ধি কৰিবলৈ চৰকাৰক অনুৰোধ জনায়।

বিক্ষোভ ধৰ্মঘটত চি আই টি ইউৰ ৰাজ্যিক সাধাৰণ সম্পাদক তপন শৰ্মা আৰু শ্ৰমিক নেতা বিজন দাস উপস্থিত থাকি বক্তব্য ৰাখে বক্তাসকলে কয় যে- আতছে দিনৰ কথা কোৱা জন বিৰোধী বিজেপি চৰকাৰৰ দিন হাজাৰ হাজাৰ মহিলা কৰ্মচাৰীয়ে গুৱাহাটীৰ ৰাজপথত দিনে নিশাই আন্দোলন কৰিবলৈ আজি বাধ্য হৈ পৰিছে। এইয়া অতি পৰিতাপৰ বিষয়। বিত্তমন্ত্ৰী তথা একেসময়তে আই চি ডি এছ ৰূপায়ণৰো দায়িত্বত থকা অজন্তা নেওগ মহাশয়াৰ ওচৰত ২০২২ৰ মাৰ্চৰ পৰা বৰ্তমানলৈকে অসমৰ অঙ্গনৱাড়ী কৰ্মী-সহায়িকাসকলে বহুবাৰ স্মাৰকপত্ৰ দি আহিছে। ৰাজ্যজোৰা আন্দোলন কৰি দাবী কৰি থকা হৈছে যাতে ৰাজ্য চৰকাৰৰ তৰফৰ পৰা মাননি ধন বৃদ্ধি কৰাৰ ব্যৱস্থা গ্ৰহণ কৰে। চৰকাৰে বাজেটত অঙ্গনৱাড়ী কেন্দ্ৰৰ গৃহ নিৰ্মাণৰ প্ৰস্তাৱ আনিলে পিছে উক্ত গৃহত সেৱা আগবঢ়াই থকা মহিলা কৰ্মচাৰী সকলক অৱজ্ঞা কৰিলে। এইয়া অসমৰ কৰ্মৰত ১লাখ ২১ হাজাৰ কৰ্মী আৰু সহায়িকাৰ প্ৰতি চৰম বঞ্চনা। চি আই টি ইউ য়ে কয় চৰকাৰে শীঘ্ৰে কৰ্মী সহায়িকাৰ দাবীবোৰ মানি লব লাগে আৰু এনে পৰিস্থিতি নিয়ন্ত্ৰণ কৰি আই চি ডি এছ ৰ সেৱা উন্নত কৰাৰ ব্যৱস্থা লব লাগে।

Leave A Reply

Your email address will not be published.