Breaking

“কা” বাতিল নোহোৱা পৰ্যন্ত সংগ্ৰাম অব্যাহত থাকিবঃ ড০ সমুজ্জল ভট্টাচাৰ্য

0 79

দৈনন্দিন বাৰ্তাৰ সেৱা, নাজিৰা, ৯ নৱেম্বৰঃ অসমত অসমীয়া ভাষা, সাহিত্য, সংস্কৃতি, অস্তিত্ব সুৰক্ষিত কৰা তথা অসমত খিলঞ্জীয়া মানুহৰ প্ৰভূত্ব ৰক্ষাৰ স্বাৰ্থত জাতিধ্বংসী “কা” বাতিল নোহোৱা পৰ্যন্ত অসম তথা উত্তৰ-পূৰ্বাঞ্চলত ইয়াৰ বিৰুদ্ধে সংগ্ৰাম অব্যাহত থাকিব। উত্তৰ-পূব তথা ভাৰতৰ ভালেকেইখন ৰাজ্যত যদি “কা” প্ৰযোজ্য নোহোৱাকৈ কেন্দ্ৰই ৰাখিব পাৰে, তেন্তে অসমৰ ক্ষেত্ৰটো কোনোকালেই “কা” প্ৰযোজ্য কৰিব নোৱাৰিব।ইয়াৰ নিশ্চিতিৰ কাৰণে ইতিমধ্যে ভৱিষ্যত পৰিকল্পনাৰ ৰূপৰেখা তৈয়াৰ কৰা হৈছে। ৮ নৱেম্বৰৰ নিশা ৮-৩০ বজাত নাজিৰাৰ শিমলুগুৰি আঞ্চলিক ছাত্র সন্থাৰ কাৰ্যালয় তথা শ্বহীদ ভৱনত উপস্থিত হোৱা সদৌ অসম ছাত্র সন্থাৰ মুখ্য উপদেষ্টা ড০ সমুজ্জল ভট্টাচাৰ্যই “কা” বিৰোধী সংগ্ৰাম খনৰ স্থবিৰতাৰ ক্ষেত্ৰত সাংবাদিকে কৰা এক প্ৰশ্নৰ উত্তৰত এইদৰে কয়। কোনোৱে সমাজত বিলাই ফুৰা সাম্প্ৰদায়িক বিষবাষ্পৰ বিপৰীতে আছুৰ এটা সাংস্কৃতিক শক্তি থকা বুলি উল্লেখ কৰি ড০ সমুজ্জল ভট্টাচাৰ্যই কয় যে, সাম্প্ৰদায়িক শক্তিক উৎখাত কৰি চহকী আৰু পৰিকল্পিত সাংস্কৃতিক সংগ্ৰামৰ মাজেৰে ছাত্র সন্থাই অনাগত সময়ত সবল স্থিতি গ্ৰহণ কৰি যাব বুলি মত পোষণ কৰে।

অনাগত সময়ত দলীয় নিৰ্বাচনী বৃত্তৰ বাহিৰত থাকি অসম আৰু অসমীয়া খিলঞ্জীয়াৰ স্বাৰ্থত কাম কৰি যাম বুলি কৈ আছুৰ মুখ্য উপদেষ্টা গৰাকীয়ে পুনৰ কয় যে, ছাত্র বন্ধুৰ অনুৰোধক সন্মান জনাই দীঘলীয়া দিনৰ পৰা আছুৰ সৈতে জড়িত হৈ আহিছোঁ।  ছাত্র সন্থাত কোনো হাই কমাণ্ড নাই, আছুৰ হাইকমাণ্ড হ’ল অসমৰ ৰাইজ। গতিকে অসমীয়া ৰাইজৰ অভিভাৱকত্বত ছাত্র সন্থাই কাম কৰি গ’লে নিশ্চয় কৈ সফল হ’ব।

আছু সমাজৰ ঊৰ্ধ্বত নহয়, নিৰহংকাৰী মন, একাগ্ৰতা আৰু সদিচ্ছাৰে আছুৰ কৰ্মীসকল আগবাঢ়িব লাগিব বুলি  আছুৰ ভৱিষ্যত কৰ্মীসকলৰ প্ৰতি আহ্বান জনাই মুখ্য উপদেষ্টা গৰাকীয়ে কয়, ছাত্র সমাজে অধ্যয়ন শীল হৈ সমান্তৰালভাৱে সমাজখনৰ বাবেও কাম কৰিব লাগিব। শিমলুগুৰি আঞ্চলিক ছাত্র সন্থাৰ কাৰ্যালয় তথা শ্বহীদ ভৱন পৰিদৰ্শন কৰি ড০ সমুজ্জল ভট্টাচাৰ্যই কয়, এটা আটকধুনীয়া কাৰ্যালয় নিৰ্মাণ কৰা হৈছে যেতিয়া, ভৱিষ্যত ছাত্র সমাজৰ উত্তৰণৰ বাবে এটা “বুক বেংক” আৰু এটা  শিশু পুথিভঁৰাল স্থাপন কৰি শৈক্ষিক দিশত আগবঢ়াই সমাজৰ দুখীয়া শ্ৰেণীৰ জনগণক উৎসাহিত কৰি তুলিব লাগিব।

ইয়াৰ বাবে আছুৰ একালৰ সহকৰ্মী,শিক্ষক সমাজ,অভিভাৱকৰ পৰামৰ্শৰে আগবাঢ়ি যোৱাৰ আহ্বান জনাই এই কাৰ্যৰ বাবে এশখন গ্ৰন্থ নিজাববীয়াকৈ আগবঢ়াব বুলি ব্যক্ত কৰে। ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় শিক্ষা সম্পাদক তথা জিলাখনৰ জ্যেষ্ঠ আছু নেতা শৰৎ হাজৰিকা, অসীম দত্ত, সমীৰণ বৰুৱা, পৰাগ দত্ত আদিকেধৰি ভালেকেইজনে ড০ সমুজ্জল ভট্টাচাৰ্য্যক সংগ দিয়াৰ লগতে শিক্ষক-সাংবাদিক ধ্ৰুৱজ্যোতি সন্দিকৈ, প্ৰণৱজ্যোতি দত্ত, সুষমা কোৱৰ চাংমাই, কৃষ্ণা শইকীয়া, দিলীপ হাজৰিকা, চৰিফ আলী, নেকিবুল হক, অনন্ত কলিতা, জয়ন্ত বৰুৱা, প্ৰীতম বৰগোঁহাই, ৰূপম শইকীয়া, নবুল কোৱৰ, নিপুমণি বৰগোঁহাই, নৱজ্যোতি বুঢ়াগোহাঁই, সুৰজ কোৱৰকে ধৰি ভালেকেইজন বিশিষ্ট ব্যক্তিৰ উপস্থিত থাকে। মানৱ হাজৰিকাই আতঁধৰা অনুষ্ঠানটোত আছুৰ মুখ্য উপদেষ্টা গৰাকীক মহকুমাটোৰ শিমলুগুৰি, নাজিৰা, গেলেকী, নামতি, জোকতলি আঞ্চলিক ছাত্র সন্থাৰ তৰফৰ পৰা গামোচা, চেলেং, গড় প্ৰতিকেৰে অভিবাদন জনায়।

Leave A Reply

Your email address will not be published.