Breaking

চাহ জনগোষ্ঠীৰ কৃষি উৎসৱ চঁহৰাই পৰব

0 2,293

চাহজনগোষ্ঠী- আদিবাসী সমাজৰ এক অন্যতম কৃষি উৎসৱ চঁহৰাই পৰব ঘৰে ঘৰে পালন কৰা দেখা গৈছে ৷ পুৱাৰে পৰা মাতৃ জীয়াৰী-বোৱাৰী সকল পিঠা গুৰি খুন্দাত ব্যস্ত হৈ পৰে৷কৃষিৰ সজুলি নাঙল-যুৱলী-মৈ আদি ধুৱাই চোতালত সজাই থয় ৷গাই গৰুক গা ধুওৱা হয় ৷গোহালীত আলপনা আঁকি গাই গৰুৰ ঠেং ধুৱাই গোহালীত সোমোৱা হয় আৰু গৃহস্হই গাই গৰুৰ কুশল মংগল কামনা কৰি লাউপানীৰ মেৰা,পিঠা পনাৰ লগতে কুকুৰা চৰাই উচৰ্গা কৰে ৷অমাৱস্যাৰ নিশাৰ লগতে আজিও গৃহস্হৰ ঘৰে ঘৰে হুচৰি গোৱাৰ দৰে চাঁচেইৰ বা জাহলী গীত গাই আনন্দ উৎসৱ পালন কৰে৷

Leave A Reply

Your email address will not be published.