Breaking

Bay Leaf Tea: তেজপাতৰ চাহ ঔধষি গুণেৰে ভৰপূৰ! কলেষ্টেৰল, ডায়েবেটিছৰ বাবে এই চাহ অতি উপকাৰী…

0 39

তেজপাত যিকোনো ৰন্ধন প্ৰণালীত ব্যৱহাৰ কৰিব পাৰি। তেজ পাতে ৰন্ধা-বঢ়াত সোৱাদ যোগ কৰাই নহয়, স্বাস্থ্যৰ বাবেও অতি উপকাৰী তেজপাত। তেজপাতত এন্টি অক্সিডেন্ট, ভিটামিন এ, আইৰণ, পটাছিয়াম, মেগনেছিয়াম থাকে। কোৱা হয় যে তেজ পাতে শৰীৰৰ যত্ন লয়। বিশেষকৈ যিসকলৰ কলেষ্টেৰল আছে তেওঁলোকৰ বাবে তেজপাতে ঔষধৰ দৰে কাম কৰে। কলেষ্টেৰলৰ লগতে ডায়েবেটিছ আৰু ই অন্ত্ৰৰ সমস্যাও হ্ৰাস কৰে। তেজপাত চাহৰ কি কি উপকাৰ জানো আহক-

Bay Leaf Tea

১) নিয়মিতভাৱে তেজপাতৰ চাহ খালে শৰীৰত ইনচুলিনৰ মাত্ৰা নিয়ন্ত্ৰণ কৰা সম্ভৱ। টাইপ ২ ডায়েবেটিছৰ বাবে তেজ পাত অতি ফলপ্ৰসূ।

২)শৰীৰৰ পৰা প্ৰদূষক আঁতৰোৱাতো তেজ পাত জড়িত হৈ থাকে। গতিকে তেজ শুদ্ধ কৰিবলৈ এই চাহ খাব পাৰে।

৩) খাদ্য হজম শক্তিৰ নিঃসৰণ উদ্দীপিত কৰাত তেজ পাত অতি উপযোগী। তেজ পাতৰ ৰসে খাদ্য সোনকালে ভাঙি পেলাব পাৰে। ফলত অন্ত্ৰৰ সমস্যাত ভুগি থকাসকলে নিয়মিতভাৱে তেজ পাতৰ চাহ খাব পাৰে।

৪)তেজ পাতত কেফেইক এচিড থকাৰ বাবে হৃদযন্ত্ৰ মজবুত কৰিব পাৰে। কলেষ্টেৰলৰ মাত্ৰা কমাই দিলে হাৰ্ট এটেকৰ সম্ভাৱনা হ্ৰাস পায়।

৫) তেজ পাতৰ এন্টি-বেক্টেৰিয়েল আৰু মাইক্ৰ’বেক্টেৰিয়েল গুণৰ বাবে ই ঘাঁ নিৰাময়ত ভাল কাম কৰে। চৰ্দিৰ সময়ত এই চাহ খালে যথেষ্ট সকাহ পোৱা যায়।

লগতে পঢ়কঃ অৰবিন্দ কেজৰিৱালৰ কাষ চাপিছে বিজেপি নেতা!

published by: munmi gogoi

Leave A Reply

Your email address will not be published.