Breaking

মন্দিৰে-মন্দিৰে কেজৰিৱাল, প্ৰথমে হনুমান মন্দিৰ, তাৰ পিছত শনি মন্দিৰ শেষত নৱগ্ৰহ মন্দিৰত পূজা দিল্লীৰ মুখ্যমন্ত্ৰীগৰাকীক…

0 20

উচ্চতম ন্যায়ালয়ৰ পৰা অন্তৱৰ্তীকালীন জামিন লাভ কৰাৰ পিছত শনিবাৰৰ পৰা অৰবিন্দ কেজৰিৱালে নিৰ্বাচনী প্ৰচাৰ চলাই। শনিবাৰে দুপৰীয়া তেওঁ কন’ট প্লেচৰ হনুমান মন্দিৰ দৰ্শন কৰিলে। ইয়াৰ পিছত তেওঁ সন্ধিয়া দিল্লীত ৰোড শ্ব’ কৰে। মুখ্যমন্ত্ৰী কেজৰিৱালে ১ জুনলৈকে অন্তৱৰ্তীকালীন জামিন লাভ কৰিছে। মুখ্যমন্ত্ৰীগৰাকীয়ে হনুমান মন্দিৰ দৰ্শনৰ সময়ত পঞ্জাৱৰ মুখ্যমন্ত্ৰী ভগৱন্ত মান আৰু তেওঁৰ পত্নী সুনীতা কেজৰিৱাল, সাংসদ সঞ্জয় সিং, মন্ত্ৰী আতিশী আৰু সৌৰভ ভৰদ্বাজৰ লগতে বৃহৎ সংখ্যক দলীয় সমৰ্থকও উপস্থিত।

জানিব পৰা গৈছে যে দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালক অন্তৱৰ্তীকালীন জামিনত মুক্তিৰ পিছত আজিৰ পৰা ২০ দিনৰ বাবে প্ৰচাৰ চলোৱা দেখা যাব।

জেলৰ পৰা ওলাই অহাৰ লগে লগে কেজৰিৱালে আম আদমী পাৰ্টিৰ কৰ্মীসকলক সম্বোধন কৰি কয়, “মই মোৰ সৰ্বশক্তিৰে একনায়কত্ববাদৰ বিৰুদ্ধে যুঁজ দিছো, কিন্তু ১৪০ কোটি মানুহ একত্ৰিত হ’ব লাগিব। আমি একেলগে ইয়াৰ বিৰুদ্ধে যুঁজিব লাগিব। মই আছো, আপোনালোকৰ মাজত” ঘূৰি আহিবলৈ পাই বৰ ভাল লাগিছে।

লগতে অৰবিন্দ কেজৰিৱালে আৰু কয় যে মই আপোনালোকক কৈছিলো যে মই সোনকালে ওলাই আহিম। প্ৰথমে মই ভগৱান হনুমানক প্ৰণাম কৰিব বিচাৰো। হনুমান জীৰ আশীৰ্বাদত মই আপোনালোকৰ মাজত। ২১ মাৰ্চত ইডিয়ে তেওঁক গ্ৰেপ্তাৰ কৰিছিল অৰবিন্দ কেজৰিৱালক।

Leave A Reply

Your email address will not be published.