বায়ু প্ৰদূষণৰ ভয়াৱহ ৰূপ! বন্ধ ঘোষণা কৰা হৈছে স্কুল-কলেজ । Delhi Air Pollution

১৬ ডিচেম্বৰ, ২০২৪ । Delhi Air Pollution। অতি ভয়াৱহভাৱে দিল্লীত বৃদ্ধি বায়ু প্ৰদূষণৰ মাত্ৰা। দিল্লীৰ আকাশ ছানি ধৰিছে প্ৰদূষণে।বায়ুৰ গুণাগুণৰ অভাৱৰ বাবে শ্বাস-প্ৰশ্বাসজনিত ৰোগ বৃদ্ধি দিল্লীত। যাক লৈ এতিয়া শংকিত হৈ পৰিছে দিল্লীৰ জনতা।


বন্ধ ঘোষণা কৰা হৈছে দিল্লীৰ স্কুল-কলেজসমূহ। ছাত্ৰ-ছাত্ৰীসকলৰ স্বাস্থ্যৰ প্ৰতি লক্ষ্য ৰাখিয়েই স্কুল-কলেজসমূহ বন্ধ ঘোষণা কৰিছে দিল্লী চৰকাৰে। কাৰণ বিগত কিছুদিন ধৰি দিল্লীৰ বহু শিক্ষাৰ্থী শ্বাস-প্ৰশ্বাসজনিত ৰোগত আক্ৰান্ত হৈছে।
ইয়াৰ উপৰিও জৰুৰীকালীন পৰিস্থিতিত জৰুৰীকালীন সেৱাৰ সৈতে জড়িত নোহোৱা বিদ্যালয়, মহাবিদ্যালয়, অন্যান্য শিক্ষানুষ্ঠান আৰু ব্যৱসায়িক কাৰ্যকলাপ বন্ধ কৰাৰ সিদ্ধান্ত দিল্লী চৰকাৰৰ।

বায়ু প্ৰদূষণৰ ভয়াৱহ ৰূপ! বন্ধ ঘোষণা কৰা হৈছে স্কুল-কলেজ । Delhi Air Pollution


কিছুমান বিদ্যালয়ত অনলাইন ক্লাছৰ ব্যৱস্থা কৰা হৈছে। দিল্লীৰ প্ৰদূষণৰ মাত্ৰা বৃদ্ধিৰ প্ৰতি লক্ষ্য ৰাখি লোৱা বহু সিদ্ধান্ত । দিল্লীত দশম আৰু দ্বাদশ শ্ৰেণীৰ বাহিৰে কোনো শিক্ষাৰ্থীয়ে আহিব নালাগে বিদ্যালয়লৈ ৷
দেওবাৰে বায়ুৰ গুণাগুণ সূচকাংক (AQI) ৪৫৭ৰ স্তৰত উপনীত হৈছে । ইয়াৰ বাবেই বায়ুৰ গুণাগুণ ব্যৱস্থাপনা আয়োগে সোমবাৰে পুৱা ৮ বজাৰ পৰা গ্ৰেডেড ৰেচপন্স একচন প্লেন (GRAP)ৰ চতুৰ্থ পৰ্যায় কাৰ্যকৰী কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে । এই সময়ত প্ৰথমবাৰৰ বাবে AQI ‘চিভিয়াৰ প্লাছ’ (severe-plus) স্তৰলৈ নিম্নগামী হৈছে ।

Related Articles