আজিৰে পৰা আৰাম্ভ হৈছে ৰাজ্যত তৃতীয় পৰ্যায়ৰ গুণোৎসৱ

চাপৰৰ বিভিন্ন চৰকাৰী শিক্ষানুষ্ঠানত আৰাম্ভ হৈছে গুণোৎসৱ। আজিৰে পৰা আৰাম্ভ হৈছে ৰাজ্যত তৃতীয় পৰ্যায়ৰ গুণোৎসৱ। চৰকাৰী বিদ্যালয়ৰ শিক্ষা আৰু সামগ্ৰিক ব্যৱস্থাপনাৰ মূল্যায়ন আৰু মান নিৰুপনৰ কাৰ্যসূচি হ’ল গুণোৎসৱ।

তৃতীয় পৰ্যায়ৰ গুণোৎসৱৰ প্ৰথম দিনটোত ধুবুৰী জিলা চাপৰৰ বিভিন্ন চৰকাৰী শিক্ষানুষ্ঠানত পালন হল গুণোৎসৱ। এই দৃশ্য ২৩৪৪ নং ৰৌমাৰী প্ৰাথমিক বিদ্যালয়ৰ প্ৰাত:সভাৰ। আনহাতে এই দৃশ্য জে,বি স্কুল আৰু চাপৰ মধ্য ইংৰাজী বিদ্যালয়ৰ। যত শিক্ষক শিক্ষয়িত্ৰী সকলৰ গুণোৎসৱ প্ৰথম দিনৰ কাৰ্যসূচী অনুসৰি চাপৰত পালন কৰিলে গুণোৎসৱ। ৰৌমাৰী প্ৰাথমিক বিদ্যালয়ত ছাত্ৰ ছাত্ৰী অনুপাতত ঠাইৰ অভাৱ দেখিবলৈ পোৱা যায়।

আনপিনে চাপৰ মধ্য ইংৰাজী বিদ্যালয়ত এদিন বৰষুণ দিলে পানীৰ তলত বুৰ যায় বুলি জানিবলৈ দিয়ে। যাৰ বাবে বিভাগীয় কতৃপক্ষক পানী ওলাই যোৱাৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ অনুৰোধ জনায়।

Related Articles