২ ফেব্ৰুৱাৰীৰপৰা গ্ৰেটাৰ গুৱাহাটী বেবী লীগৰ তৃতীয় ছিজন

অসমৰ সৰ্বপ্ৰথম গ’ল্ডেন বেবী লীগ ‘গ্ৰেটাৰ গুৱাহাটী বেবী লীগ’ চমুকৈ জিজিবিএলৰ তৃতীয় ছিজন ১২ ফেব্ৰুৱাৰীৰপৰা জালুকবাৰীৰ এপিআৰঅ’ খেলপথাৰত অনুষ্ঠিত হ’ব৷

গুৱাহাটী চিটী এফচি আৰু স্প’ৰ্টছক্ৰাফ্‌ট মেনেজমেণ্টে আয়োজন কৰা এই শিশু ফুটবল লীগ সৰ্বভাৰতীয় ফুটবল ফেডাৰেচনৰ স্বীকৃতিপ্ৰাপ্ত আৰু অসম ফুটবল সন্থাৰদ্বাৰা অনুমোদিত৷ প্ৰতি দেওবাৰে অনুষ্ঠিত হ’ব লগা এই লীগ ৩০ এপ্ৰিললৈ চলিব৷

এই লীগৰ বয়স গোটসমূহ হ’ল অনুৰ্ধ ৬, ৮, ১০ আৰু ১২৷ যোগদানৰ বাবে অনুৰ্ধ ৬ খেলুৱৈ ২০১৭ আৰু ১৮ৰ ভিতৰত, অনুৰ্ধ ৮ খেলুৱৈ ২০১৫ আৰু ২০১৬ৰ ভিতৰত, অনুৰ্ধ ১০ খেলুৱৈ ২০১৩ আৰু ২০১৪ৰ ভিতৰত আৰু অনুৰ্ধ ১২ খেলুৱৈ ২০১১ আৰু ২০১২ৰ ভিতৰত জন্ম হ’ব লাগিব৷

অনুৰ্ধ ৬ৰ ক্ষেত্ৰত ফৰ্মেট হ’ব ৩ বনাম ৩, অনুৰ্ধ ৮ৰ ক্ষেত্ৰত ৫ বনাম ৫, অনুৰ্ধ ১০ আৰু ১২ৰ ক্ষেত্ৰত ৭ বনাম ৭ (গ’লকীপাৰৰ সৈতে)৷

ইচ্ছুক বিদ্যালয়, ক্লাব আৰু একাডেমীসমূহক প্লে ষ্টোৰৰপৰা গ’ল্ডেন বেবী লীগ এপ্‌ ডাউনলোড কৰি টীম মেনেজাৰ হিচাপে পঞ্জীয়ন কৰিবলৈ অনুৰোধ জনোৱা হৈছে অথবা বিস্তৃত তথ্যৰ বাবে ৭০০২২৮২৭৪৫ নম্বৰত যোগাযোগ কৰিবলৈ কোৱা হৈছে৷

Related Articles