Breaking

চালক-আৰোহী উভয়ে হেলমেট পৰিধান কৰাকলৈ অভিযান আৰম্ভ কৰিছে পৰিবহণ বিভাগে

0 30

মহানগৰীত চালক -আৰোহী উভয়ে হেলমেট পৰিধান কৰাটো বাধ্যতামূলক কৰিছে কামৰূপ মহানগৰ পৰিবহণ বিষয়াৰ কাৰ্যালয়ে।আজিৰে পৰা গুৱাহাটী মহানগৰীত বিশেষ অভিযান আৰম্ভ কৰিছে পৰিবহণ বিভাগে। চালক- আৰোহী উভয়ে হেলমেট পৰিধান নকৰাৰ ফলত মুঠ ২৭৭ টা গোচৰ ৰুজু কৰা হয়। হেলমেট পৰিধান নকৰা চালক -আৰোহীৰ পৰা প্ৰায় ৪৬ হাজাৰ টকাৰ জৰিমনা সংগ্ৰহ কৰে।যান- বাহন আইন অনুসৰি ১২৯ ধাৰাৰ অধীনত দুচকীয়া চালক -আৰোহীয়ে হেলমেট পৰিধান কৰাটো বাধ্যতামুলক।

Leave A Reply

Your email address will not be published.