দুই নগঞা বিধায়কে বজালে পঞ্চায়ত নিৰ্বাচনৰ ৰণ দুন্দুভি । Nagaon

নগাঁও, ২ এপ্ৰিল: Nagaon । নগাঁও জিলাৰ বেবেজীয়া চাৰিআলিত নতুনকৈ নিৰ্মাণ হ’বলগীয়া বজাৰগৃহৰ নিৰ্মাণকাৰ্য আজি আনুষ্ঠানিকভাৱে শুভাৰম্ভ কৰা হয়। এই শুভাৰম্ভ অনুষ্ঠানত নগাঁও-বটদ্ৰৱা বিধানসভা সমষ্টিৰ বিধায়ক ৰূপক শৰ্মা আৰু ৰহা বিধানসভাৰ বিধায়ক শশীকান্ত দাস উপস্থিত থাকি নিৰ্মাণকাৰ্যৰ সূচনা কৰে।

অনুষ্ঠানত ভাষণ প্ৰদান কৰি বিধায়ক শশীকান্ত দাসে ৰূপক শৰ্মাৰ কৰ্মপদ্ধতিৰ প্ৰশংসা কৰি কয়, “কৰ্মৰ ক্ষেত্ৰত মই সদায়েই বিধায়ক ৰূপক শৰ্মাক অনুকৰণ কৰোঁ, তেওঁৰ কাম মই কপী পেষ্ট কৰোঁ।” লগতে, তেওঁ ৰূপক শৰ্মাক নিজৰ ব্যক্তিগত অভিভাৱক হিচাপে গণ্য কৰাৰ কথাও উল্লেখ কৰে।

উল্লেখ্য যে, বেবেজীয়া-ডিমৌ-বাংঠাই গাঁও পঞ্চায়তে ২০২৪ বৰ্ষৰ বাবে ‘নানাজী দেশমুখ সৰ্বোত্তম পঞ্চায়ত সতত বিকাশ পুৰস্কাৰ’ লাভ কৰিছিল, যাৰ ফলত পঞ্চায়তটোৱে এক কোটি পঁচিশ লাখ টকাৰ অনুদান লাভ কৰিছিল। এই অনুদানৰেই প্ৰাৰম্ভিক পৰ্যায়ত বজাৰ গৃহৰ একাধিক মহলাযুক্ত ভৱন নিৰ্মাণৰ কাম আৰম্ভ কৰা হৈছে। আনুষংগিক আঁচনিসমূহকো সংলগ্ন কৰি বজাৰ গৃহটি অধিক আধুনিক আৰু সুন্দৰ ৰূপত গঢ়ি তোলাৰ পৰিকল্পনা কৰা হৈছে।

ইপিনে, বিধায়ক ৰূপক শৰ্মাই আগন্তুক পঞ্চায়ত নিৰ্বাচনত জনসাধাৰণক বিজেপিক সমৰ্থন জনাবলৈ আহ্বান জনায়।

এই অনুষ্ঠানৰ পূৰ্বে, বিধায়ক ৰূপক শৰ্মাই ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযান আঁচনিৰ অধীনত কাছমাৰীত নতুনকৈ নিৰ্মিত “কাছমাৰী আয়ুস্মান আৰোগ্য মন্দিৰ” আনুষ্ঠানিকভাৱে উদ্বোধন কৰে।

উন্নয়নমূলক কামৰ এই শুভাৰম্ভৰ জড়িয়তে নগাঁও জিলাৰ সামগ্ৰিক পৰিকাঠামোগত উন্নতি সাধন হোৱাৰ আশা কৰা হৈছে।

Related Articles