দুকুৰি বছৰীয়া আলফা–সংগ্ৰাম আৰু বৰ্তমান স্হিতিৰ গতিপথ।

✍ তিলক মহন

গণতান্ত্ৰিক আন্দোলন,প্ৰতিবাদক চৰকাৰ-প্ৰশাসনে প্ৰয়োজনীয় গুৰুত্ব প্ৰদান কৰাটো গণতান্ত্ৰিক ৰাষ্ট্ৰ ব্যৱস্হাৰ প্ৰাথমিক দায়িত্ব । জনগণৰ ক্ষোভৰ উমান লৈ তাক নিৰাময় কৰিব পৰাটো চৰকাৰ-প্ৰশাসনৰ বিচক্ষণতাৰ অন্যতম চৰ্ত ! কিন্তু যি কাম চৰকাৰ একোখনে নিজে আগতীয়াকৈ তৎপৰ হৈ কৰিব লাগিছিল তাক কৰা নাই অথবা, কৰাৰ নামত প্ৰতাৰণাহে কৰিলে তেতিয়া জনগণে কি কৰিব ? সামাজিক-ৰাজনৈতিক-অৰ্থনৈতিক আদি বিভিন্ন সমস্যাসমূহৰ সমাধানৰ পৰিৱৰ্তে যেতিয়া ৰাইজ বা ভুক্তভোগীসকলক দমন কৰাৰ নামত অত্যাচাৰ, নিৰ্যাতন, গ্ৰেপ্তাৰ আনকি হত্যা-ধৰ্ষণ(যুৱতী-মহিলা প্ৰতিবাদীক) পৰ্যন্ত কৰিবলৈ আৰক্ষী-নিৰাপত্তা বাহিনীসমূহক সেউজ সংকেত দিয়া হয় তেতিয়া প্ৰতিবাদৰো পদ্ধতি সলনি হ’বলৈ বাধ্য ! ৰাষ্ট্ৰ শক্তি এক বিৰাট শক্তি বুলি জানিও আৰু সেই পথ জটিল আৰু প্ৰত্যাহ্বানপূৰ্ণ বুলি জনাৰ পাচতো একাংশ প্ৰতিবাদীয়ে চৰকাৰৰ সন্মুখত সশস্ত্ৰ ৰূপত ফেপেৰি পাতি ধৰিবলৈ কুন্ঠাবোধ নকৰে । সাধাৰণ দৃষ্টিত আন্দোলনৰ গতি-প্ৰকৃতি এইদৰেই নিৰ্ণীত হয় বুলি বিবেচনা কৰোহক !
অসমৰ পটভূমিত ‘আলফা’ বা সংযুক্ত মুক্তি বাহিনী, অসমৰ উত্থানৰ পশ্চাদপটতো উক্ত যুক্তিৰ সাদৃশ্যক নূই কৰিব নোৱাৰি নিশ্চয় ! কাৰণ, আলফাৰ জন্মৰ পূৰ্বে অসমত ব্ৰহ্মপুত্ৰৰ ওপৰত দলং নিৰ্মাণ, ভাষা আন্দোলন, মাধ্যম আন্দোলন, খাদ্য আন্দোলন, বিদেশী নাগৰিক (অবৈধ) বহিষ্কাৰ আন্দোলন আদিক চৰকাৰে যিদৰে তাৎক্ষণিক কাৰ্যব্যৱস্হাৰে সু সমাধান ঘটাব লাগিছিল তাত গুৰুত্ব আৰোপ নকৰিলে । বৰঞ্চ, কেৱল আন্দোলনৰ চোক প্ৰশমিত কৰাৰ উদ্দেশ্য দিয়া সমাধানবোৰে পিচলৈ বিষয়বোৰ অধিক জটিলহে কৰি তোলা পৰিলক্ষিত হৈছেগৈ।

আলফা-ৰ জন্ম অসমৰ বাবে এক ৰাজনৈতিক আৰু ঐতিহাসিক ঘটনা যদিও বিগত তিনিটা দশক বিশেষকৈ, চলিত দশকটোত আলফা-কেন্দ্ৰিক যিবোৰ ঘটনা-পৰিঘটনা সংঘটিত হ’ব ধৰিছে সেইবোৰৰ আলেখ-লেখ পৰ্যালোচনা কৰাসকলে আলফা অচিৰে ইতিহাসত পৰিণত হ’বগৈ বুলি মন্তব্য কৰিব ধৰিছে । অথচ্, সেইসকলৰ লগতে আলফাক সততে বিৰোধ কৰি অহাসকল, চৰকাৰী পক্ষকে ধৰি সংশ্লিষ্ট সকলো মহলৰ হাতত উত্তৰ নথকা গুৰুত্বপূৰ্ণ ‘প্ৰশ্ন’টো হ’ল — আলফাই উত্থাপন কৰি অহা ‘সাৰ্বভৌম অসম’ৰ বিষয়টো এৰিও আন যিবোৰ মৌলিক বিষয়তো বিগত চাৰি দশকধৰি জাতীয় সংগ্ৰামখন পৰাই-নোৱৰাই ধৰি ৰাখিছে সেইবোৰৰ ‘উত্তৰ ‘ কোনোবাদিনা ওলাবগৈনে ?
এসময়ত প্ৰবল শক্তিশালী আৰু সুসংগঠিত ৰূপত আত্মপ্ৰকাশ কৰা আলফা এতিয়া নিজেই অস্তিত্বৰ সংকটত নিমজ্জিত । আলফাৰ এই শোচনীয় অৱস্হাৰ বাবে প্ৰতিপক্ষস্বৰূপ চৰকাৰী দমন-অত্যাচাৰ, হত্যা-নিৰ্যাতন, কূটনীতি-বিভাজন নীতিয়ে ষিমান ক্ৰিয়া কৰিলে তাতোতকৈ বেচি জগৰীয়া সশস্ত্ৰ সংগ্ৰামখনৰ নেতৃত্ব দিয়াসকলৰ ৰণ-কৌশল, দূৰদৰ্শিতাত থকা ত্ৰুটী, আৱেগ সবস্ব: কুচ-কাৱাজ , দলীয় শৃংখলতাহীনতা আৰু একাংশ নেতা-কৰ্মীৰ চূডা়ন্ত বিশ্বাসঘাতকতা ! যাৰবাবে, চৰকাৰৰ ওচৰত আত্মসমৰ্পণকাৰী, আলোচনাপন্হী আদিৰ দোহাই দি সংগঠনটোৰ সিংহভাগে মূল সূঁতিলৈ ঘূৰি অহাত এমুঠিমান অনুগামীক লৈ মুখ্য সেনাধ্যক্ষ পৰেশ বৰুৱাই আমৃত্যু সাৰ্বভৌম-স্বাধীন অসমৰ দাবীটো জীয়াই ৰাখিব লগা হৈছে ।
‌‌‌ প্ৰসংগত: আজি বহু পুৰণি হোৱা এখন চিঠিলৈ মনত পৰিছে ! ১৯৮৯ চন। আলফাৰ জয়জয় ময়ময় সময় । কাৰ্যত: কেইখন মান জিলাত তেতিয়া যেন আলফাৰ সমান্তৰাল শাসনেই চলিছিল । আলফাৰ বিৰুদ্ধত যোৱাৰ সাহস কাৰোৰে নাছিল তেতিয়া । মই সাংবাদিকতাত ভৰি থোৱা এবছৰো হোৱা নাছিল । আলফাৰ বহু নেতা-কৰ্মীক ব্যক্তিগত ভাৱে জানিছিলো , বহুতৰ সৈতে ভাল চিনা-জনাও আছিল । তেওঁলোকৰ সৈতে ক’ৰবাত ভেটা-ভেটি হোৱা বা কথা বিনিময়ৰ সুযোগ পোৱাৰ সময়ত তেওঁলোকৰ সংগ্ৰামখনৰ প্ৰয়োজনীয়তা স্বীকাৰ কৰিও সশস্ত্ৰ সংগ্ৰাম একোখনত কেনে আপোচবিহীন মানসিকতা, মাৰণাস্ত্ৰ ব্যৱহাৰ কৰোতে থাকিবলগীয়া সংযমীয়তা, কেৱল অস্ত্ৰ নিৰ্ভৰ নহৈ জনগণক সুৰক্ষিত নিজ ভৱিষ্যতৰ স্বাৰ্থতে ৰাজনৈতিক সচেতনতা কিয় প্ৰয়োজন, ৰাজনীতিৰ সমান্তৰালকৈ থলুৱা অৰ্থনীতিক কেনেকৈ গঢ় দিব লাগিব আদি দিশত সজাগতা সৃষ্টি কৰাটো কিমান আৱশ্যক সেইবোৰ কথা সীমিত জ্ঞানেৰে কৈছিলো । কিছুমানে তেনেবোৰ কথাত কিছু হ’লেও হয়ভৰ দিছিল । কিছুমানে আকৌ সেইবোৰ চিন্তা বাহিৰৰ মানুহে কৰাৰ প্ৰয়োজন নাই; আমাৰ নেতাসকল আছে সেইবোৰ ভাবিবলৈ বুলি গা এৰা দিছিল !
আলফাৰ নেতা-কৰ্মীসকলৰ মতি-গতি লক্ষ্য কৰি কৰি অৱশেষত সিদ্ধান্ত কৰি এখন চিঠি লিখাটোকে ঠিৰাং কৰি প্ৰস্তুত কৰিলো — চাৰি পৃষ্ঠাৰ এখন চিঠি । শিৰোনাম ” আলফাৰ নেতৃবৰ্গলৈ এখন মুকলি চিঠি ” ! পিচে, চিঠিখন কাৰ জৰিয়তে বা কেনেকৈ পঠাম বুলি গুণা-গুঠা কৰি থাকি এখন বাতৰি কাকতৰ সম্পাদককে লগ ধৰি চিঠিখন তেওঁৰ কাকতত প্ৰকাশ কৰিব পাৰিব নেকি সুধিলো । চিঠিখন বৰ মনোযোগেৰে তেখেতে পঢ়ি অটাই মোলৈ থৰ লাগি বহু সময় চালে । “কিয় তেনেকৈ চাইছে”বুলি সোধাত ক’লে — মহন, চিঠিখন প্ৰকাশ কৰিলে নিয়মীয়া পঢ়ুৱৈয়ে নহয়, অন্য লোকেও কাকতখন পঢ়িবলৈ হেতাওপৰা লগাবযে সেইটো ধুৰূপ ! কাকতখনৰ জনপ্ৰিয়তা তুংগত উঠিব । আজিৰ দিনত আলফাৰ সংক্ৰান্তত এনে চিঠি লিখাৰ মানুহ ওলাব পাৰে বুলি মই নিজে ভৱা নাছিলো । ইত্যাদি অনেক কথা কৈ তেখেতে পুনৰ ক’লে — চিঠিখন পঢ়ি মোৰ যদি বুজাত ভুল হোৱা নাই তেন্তে নিশ্চয় আপুনি সমালোচনা কৰিছে যদিও আলফাৰ বেয়া বা ক্ষতি হোৱাটো বিচৰা নাই ! মাথোঁ, নিজৰ ভুল-ত্ৰুটী শুধৰাই লৈ আলফাই নিৰ্দিষ্ট লক্ষ্যৰ দিশত আগবাঢ়ি যোৱাটোকে আপুনিও কামনা কৰা নাই জানো ? ময়ো “সেইটোৱে মোৰো উদ্দেশ্য ” বুলি কোৱাত তেখেেতে আকৌ ক’লে — তেতিয়া হ’লে আপুনি অনুমতি দিলে চিঠিখন কাকতত প্ৰকাশ কৰাৰ পৰিৱৰ্তে আলফাৰ শীৰ্ষ নেতালৈকে পঠাই দিওঁ নেকি !
মই আপত্তি নাই বুলি কোৱাত তেখেতে নিজেই পঠোৱাৰ দায়িত্ব ল’লে । প্ৰায় এমাহৰ পিচত যেতিয়া সম্পাদক জনক লগ পাইছিলো তেখেতে মোক জনালে যে চিঠিখন পঠোৱা মৰ্মে উপ সভাপতিৰ হাতত পৰিছেগৈ । উপ সভাপতিগৰাকীয়ে চিঠিখন বোলে পঢ়িছে আৰু খবৰ পঠাইছে যে তেওঁলোকৰ ” কাউঞ্চিল মিটিঙ”ত গোটেইবোৰ উল্লেখিত বিষয়ত বিশদ আলোচনা কৰি যাৱতীয় পদক্ষেপ ল’ব ! চিঠিখনত লিখা বিষয়বোৰৰ দুই-এটা মাথোঁ উল্লেখ কৰিব বিচাৰো : সংগঠনটোলৈ সদস্য নিৰ্বাচন কৰা পদ্ধতিটো পুনৰ পৰ্যালোচনাৰ আৱশ্যক , নিৰ্বাচিত সদস্য বা কেডাৰসকলক প্ৰথমে অসম সম্পৰ্কে বুৰঞ্জী-ভূগোলৰ লগতে বৰ্তমানৰ জনগাঁথনি, অসমীয়া জাতি গঠন প্ৰক্ৰিয়া আদি বিষয়ত. স্পষ্ট ধাৰণা দিয়া ; অসম-ভাৰতৰ মাজত সংঘাট সষ্টি হোৱা বিষয়-কাৰণবোৰৰ বৈজ্ঞনিক বিশ্লেষণ সহকাৰে পাঠদান সূচী তৈয়াৰ কৰা, জনগণৰ সৈতে কেনেকৈ সুসম্পৰ্ক বজাব , স্হানীয় সমস্যাবোৰ নিৰ্বাচন কৰি সেইবোৰৰ সমাধানৰ বেলিকা কেনেধৰণৰ উদ্যোগ ল’ব লাগিব তাৰো দিহা দিয়া, জনগণৰ মাজত কি কি কৌশল অৱলম্বন কৰিলে তেওঁলোকে জনযুদ্ধৰ বাবে উজ্জ্বীবিত হ’ব তাৰ সন্ধান কৰা আদি পৰামৰ্শ দিব বিচৰা হৈছিল । লগতে, কিছু সংখ্যক কেডাৰে সমাজত সৃষ্টি হৈ থকা সৰু সৰু কথাবোৰত হস্তক্ষেপ কৰিবলৈ গৈ কেনেকৈ সংগঠনটেক অপ্ৰিয়ভাজন কৰি তুলিছে তাৰো কেতবোৰ উদাহৰণ দাঙি ধৰা হৈছিল ! আলফাৰ উক্তমৰ্মে কোৱা জেনেৰেল কাউঞ্চিল বহিল নে, বা বহিছিল যদিও চিঠিখনৰ বিষয় বস্তু আলোচনা হ’ল নে নাই জানিব নোৱাৰিলো আজি পৰ্যন্ত ! যিহেতু, তাৰ কেই মাহমানৰ পিচতে অৰ্থাৎ, ১৯৯০ চনৰ ২৭ নৱেম্বৰৰ নিশা ‘আলফাক নিষিদ্ধ ঘোষণা” কৰি, প্ৰফুল্ল কুমাৰ মহন্ত নেতৃত্বাধীন ৰাজ্যৰ আঞ্চলিক দলৰ চৰকাৰখনক ভংগ কৰাৰ লগতে অসমত ৰাষ্ট্ৰপতি-শাসন ঘোষণা কৰিছিল কেন্দ্ৰীয় চৰকাৰে । কিন্তু, মোৰ আজিও দৃঢ় বিশ্বাস অটুট আছে যে যদিহে সেই চিঠিখনৰ ৮০% ও আলফা নেতৃত্বই গুৰুত্ব সহকাৰে বিবেচনা কৰি বাট বোলা হ’লে আলফাই আজিৰ দৰে আহুকলীয়া পৰিস্হিতিত নপৰিলগৈ হেঁতেন ! মোৰ সেই চিঠিখনৰ বক্তব্যক হয়তো কোনোবাই মিছা বুলি প্ৰত্যাহ্বান জনাবলৈ আগবাঢ়িও আহিব তথা, মোৰ পক্ষত সাক্ষ্য দিবলৈ কাকতখনৰ সম্পাদকজনো বৰ্তমান জীৱিত হৈ থকাও নাই; তৎসত্ত্বেও মই ক’ম– হয়, তেনে এখন চিঠি মই লিখিছিলো আৰু লাঞ্চিত-বঞ্চিত অসমৰ ভাগ্য ৰবি পুনৰ নিৰ্মাণৰ প্ৰয়োজনীয়তাক আলফাই সাকাৰ ৰূপ দিবগৈ বুলি আস্হা ৰাখিয়ে লিখিছিলো ! চিঠিখনৰ কাৰ্বন কপী এটা বহুদিন ধৰি সঁযতনে ৰাখিও থৈছিলো ! হয়তো বহুত বিচাৰ-খোচাৰ কৰিলে পুৰণি কোনোবা এটা হ’লেও টোপোলাত ওলাব !
পৰিশেষত, ৰাজ্য আৰু কেন্দ্ৰীয় চৰকাৰলৈ আমাৰ বিনম্ৰ অনুৰোধ — প্ৰায় পোন্ধৰ হাজাৰৰো অধিক অসমৰ তেজাল যুৱকে আত্ম বলিদান দিয়া আলফাৰ সংগ্ৰামখনক নি:শেষ কৰাৰ তৎপৰতাৰ বিপৰীতে আলফাই সুদীৰ্ঘ ৪০ বছৰ ধৰি যিবোৰ মৌলিক প্ৰশ্ন দাঙি ধৰি আহিছে সেইবোৰ নিৰসন কৰাতহে গুৰুত্ব আৰোপ কৰি পৰেশ বৰুৱা নেতৃত্বাধীন আলফাক মূল সূঁতিলৈ ঘূৰাই অনাৰ উদ্যোগ গ্ৰহণ কৰক ।

দূৰভাষ নম্বৰ : ৭০০২৪৫৭৩৮২ , গুৱাহাটী ।

Related Articles