উজনি-মাজুলী : বৰ্তমান কৰ’ণাই সমগ্ৰ বিশ্বতে এক আতংকৰ সৃষ্টি কৰিছে। এই আতংকৰ বিৰুদ্ধে যি সময়ত অসম চৰকাৰৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু স্বাস্থ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মহামাৰী কৰ’ণাক সমগ্ৰ ৰাজ্যতে প্ৰতিহত কৰি জনসাধাৰণক সুৰক্ষিত ৰাখিবলৈ দিনে-ৰাতিয়ে কষ্ট কৰিছে, সেই সময়তে মাজুলী দৰিয়া গাঁৱৰ ‘আতিথ্য হোম ষ্টে’ নামৰ কোৱাৰেণ্টাইন কেন্দ্ৰটোৰ চৌপাশৰ অস্বাস্থ্যকৰ পৰিৱেশে এখন বিপৰীত ছবিহে যেন দাঙি ধৰিছে। কেন্দ্ৰটোত বিশেষ নিৰীক্ষণত থকা কভিড-১৯ত আক্ৰান্ত ৰোগীসকলে খাদ্যগ্ৰহণৰ পিছত পেলনীয়া সামগ্ৰী তথা আবৰ্জনাসমূহ নিষ্কাষণৰ বাবে বিভাগীয় কৰ্তৃপক্ষই কোনো ব্যৱস্থা কৰি নিদিয়াৰ বাবে উক্ত পেলনীয়া সামগ্ৰীসমূহ মুকলিভাৱে য’তে-ত’তে পেলোৱাৰ ফলত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে অঞ্চলটোত। গৰু, ছাগলী, কুকুৰ, বান্দৰ আদি জীৱ-জন্তুৱে মুক্তভাৱে পেলোৱা আৱৰ্জনাসমূহ কঢ়িয়াই ফুৰাৰ লগতে ভক্ষণ কৰাৰ বাবে পশুকুললৈ বিপদ চাপি অহাৰ লগতে অঞ্চলটোলৈ সামূহিক সংক্ৰমণৰ ভাবুকি আহিছে। বিভাগীয় কৰ্তৃপক্ষৰ অৱহেলা আৰু দুৰ্বলতাৰ বাবে এইদৰে পৰিৱেশটো বিনষ্ট হৈছে বুলি ক্ষোভ ব্যক্ত কৰিছে অঞ্চলবাসীয়ে। তেওঁলোকে অত্যন্ত সংশয়ৰে জনাইছে যে যদি এই কদৰ্য পৰিৱেশৰ অৱসান নঘটে তেন্তে ইয়াৰ পৰাই সমগ্ৰ অঞ্চলটো কৰ’ণাৰ সংক্ৰমণত ৰোগগ্ৰস্ত হ’ব। উল্লেখ্য যে কিছুদিনৰ আগতে মাজুলীৰ এই ‘আতিথ্য হোম ষ্টে’ত দুজনকৈ কভিড ১৯ পজিটিভ ৰোগী চিনাক্ত হৈছিল। ভুক্তভোগী অঞ্চলবাসীয়ে ইয়াৰ জৰিয়তেই মাজুলী জিলা প্ৰশাসন আৰু স্বাস্থ্য বিভাগক উক্ত অঞ্চলটো চেনিটাইজ কৰাৰ লগতে সামগ্ৰিক পৰিৱেশটো অধিক বিনষ্ট নোহোৱাৰ বাবে জৰুৰীকালীন পদক্ষেপ গ্ৰহণ কৰিবলৈ অনুৰোধ জনাইছে।
Breaking
- Book launch of Digdarshan যোৰহাটত দিগদৰ্শন প্ৰকাশনৰ গ্ৰন্থ উন্মোচন
- গুৱাহাটী স্মাৰ্ট চিটী প্ৰকল্প পৰ্যবসিত হৈছে খীৰতী গাইলৈ। ছ বছৰত ৩৬৪ কোটি ব্যয় কৰাৰ পিছতো প্ৰতিফলিত হোৱা নাই উন্নয়নৰ ছবি
- কৃতি চাননৰ ৩২ তম জন্মদিনত সুশান্তৰ সৈতে ৰোমান্টিক ফটো চাওক। আৱেগিক হৈ পৰিল কৃতি চানন
- চৰাইবাহী বৰভগীয়াত ড্ৰাগচ বিৰোধী অভিযানত মিকিৰভেটা আৰক্ষীৰ বৃহৎ সফলতা
- অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধিৰ বিৰুদ্ধে গোলাঘাট মহকুমা ছাত্ৰ সন্থাৰ উত্তাল প্ৰতিবাদ
- Orunodoi 3.0 scheme: ৰাজ্যজুৰি অৰুণোদয় ৩.০ আনুষ্ঠানিকভাৱে শুভাৰম্ভ মুখ্যমন্ত্ৰীৰ
- Sarania-Kachari Tribe in Assam: জনজাতিৰ প্ৰমাণ পত্ৰ এখনৰ বাবেও সংগ্ৰাম কৰিবলগীয়া হৈছে অসমৰ একাংশ আদিপুৰুষে
- Assam Online Trading Scam: প্ৰমাণ হ’ল – চুমি বৰাৰ হাতোৰা প্ৰসাৰিত হৈছিল ন্যায়পালিকাৰ পৰা কাৰ্যপালিকালৈ !
- Tirupati temple: তিৰুপতি মন্দিৰৰ লাডুত গো-মাংসৰ চৰ্বি!
- Delhi Chief Minister : দিল্লীৰ নতুন মুখ্যমন্ত্ৰী কোন হ’ব ?
- Smart Meter:স্মার্ট মিটাৰ এপিডিচিএলক ঘূৰাই দিলে ক্ষোভিত ৰাইজে !
- MISING AUTONOMOUS COUNCIL: মিচিং স্বায়ত্ততশাসিত পৰিষদৰ নতুন পৰিষদীয় সমষ্টি সীমা নির্ধাৰণক লৈ অভিযোগ !
- Cyber Crime: ৯ জন চাইবাৰ অপৰাধীক আটক !
- Arijit Singh: মঞ্চখনেই মোৰ বাবে মন্দিৰঃ অৰিজিত সিং
- Arunodoi 3.0: অৰুণোদয় ৩.০ঃ এক ৰেচন কাৰ্ড-এক অৰুণোদয়