বৰনদীৰ পাৰৰ বালিকুছি সত্ৰ সভা মহোৎসৱত আধ্যাত্মিকতা আৰু সম্প্ৰতিৰ মিলন ।River Bornadi

৩০ জানুৱাৰী, ২০২৫ঃ দৰং আৰু কামৰূপৰ সীমান্ত বৰনদীৰ পাৰত বালিকুছি সত্ৰ সভা মহোৎসৱ ২৮ জানুৱাৰীৰ পৰা পাঁচ দিনীয়াকৈ অনুষ্ঠিত হৈছে। আধ্যাত্মিকতা, সংস্কৃতি, আৰু সম্প্ৰতিৰ একত্ৰণৰ যোগে এই সভা মহোৎসৱ জনসাধাৰণৰ মনোযোগ আকৰ্ষণ কৰিছে। River Bornadi ।

সভা মহোৎসৱৰ আয়োজনত হিন্দু-মুছলমানসহ বিভিন্ন ধৰ্মাৱলম্বী লোকৰ মিলনে এই মহোৎসৱক সম্প্ৰতিৰ অনন্য ক্ষেত্ৰত পৰিণত কৰিছে। ২৮ জানুৱাৰীৰ পৰা আৰম্ভ হৈ ১ ফেব্ৰুৱাৰীলৈ চলা এই পাঁচ দিনীয়া সভা মহোৎসৱত আধ্যাত্মিক আৰু সাংস্কৃতিক কাৰ্যসূচীৰে স্থানীয় ৰাইজৰ লগতে দূৰ-দূৰণিৰ লোকসকলৰো সমাগম হৈছে।

উদযাপন সমিতিয়ে উল্লেখ কৰিছে যে এই মহোৎসৱত লক্ষ্যাধিক লোকৰ সমাগম হোৱাৰ সম্ভাৱনা আছে। ইতিমধ্যে বাণিজ্য ক্ষেত্ৰত হাজোৰ সৰ্থেবাৰী আৰু কাঁহ-পিতলৰ ব্যৱসায়ীকসহ বিভিন্ন ব্যৱসায় প্ৰতিষ্ঠানে সভালৈ উপস্থিতি জনাইছে।

সভা মহোৎসৱৰ থলীত ইতিমধ্যে এক উথপথপ পৰিৱেশ বিৰাজ কৰিছে। আধ্যাত্মিক আৰু সাংস্কৃতিক অনুষ্ঠানসমূহৰ লগতে অসমৰ জনপ্ৰিয় শিল্পীসকলৰ গীত পৰিৱেশন আৰু পশ্চিমবঙ্গৰ কন্যা মর্মিতা মিত্রৰ সংগীতানুষ্ঠান এই মহোৎসৱৰ আকৰ্ষণ বৃদ্ধি কৰিছে।

বালিকুছি সত্ৰ সভা মহোৎসৱত আধ্যাত্মিকতা আৰু সাংস্কৃতিক বৈচিত্রৰ এই মিলনৰ যোগে সম্প্ৰতি আৰু ভাতৃত্ববোধৰ এক সুকীয়া দৃষ্টান্ত স্থাপন কৰিছে।

Related Articles