Breaking

জাজৰিত আৰক্ষীৰ বৰ্বৰতাৰ বলি হ’ল গাওঁৰক্ষী বাহিনীৰ সভাপতিঃ আৰক্ষী থানাৰ ভিতৰত আৰক্ষী লেই লেই চেই চেই ধ্বনি ।

0 80

বটদ্ৰৱা

যিসময়ত আৰক্ষীয়ে লকডাউন মাজত কৰ’ণাৰ বিৰুদ্ধে প্ৰাণে পনে যুঁজি জনসাধাৰণৰ কাষত থাকি কৰ’ণা যুঁজৰ অক্লান্ত সেনানী হিচাপে সেৱাৰ মানসিকতা অৱ্যাহত ৰাখিছিল সেই সময়ত নগাওঁ জিলাৰ জাজৰি উচ্চতৰ মাধ্যমিক বিদ্যালয়ত অৱস্থিত কোৱাৰাইন্টাইন কেন্দ্ৰৰ সন্মুখত অসম আৰক্ষীয়ে তেওঁলোকৰ নিজৰে এটি অংগ স্বৰূপ সংগঠন   গাঁওৰক্ষী বাহিনীৰ এগৰাকী সভাপতিক মাৰপিট কৰা ঘটনাক কেন্দ্ৰ কৰি বটদ্ৰৱাৰ জাজৰি থানাত আজি এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়। জাজৰি আৰক্ষীৰ গুণ্ডাগিৰিৰ বিৰুদ্ধে স্থানীয় শ শ ৰাইজ ওলাই আহি আজি ঘেৰাও কৰিলে জাজৰি  আৰক্ষী থানা। গুণ্ডা গিৰি কৰা আৰক্ষীৰ বিৰুদ্ধে শ শ ৰাইজে সমস্বৰে চিঞৰিলে জাজৰি আৰক্ষী লেই লেই চেই চেই / জাজৰি আৰক্ষীৰ অত্যাচাৰী শাসন বন্ধ কৰক/ আৰক্ষীৰ দালালগিৰি বন্ধ কৰক……ইত্যাদি ধ্বনিৰে আজি দুপৰীয়া সময়ত  ওলাই  আহিল জাজৰি অঞ্চলৰ শ শ পুৰুষ মহিলা। ঘটণাৰ বিৱৰণি অনুসৰি জাজৰি ধলপুৰীয়া গাঁওৰক্ষী বাহিনীৰ সভাপতি তথা জাজৰি ব্যৱসায় সমিতিৰ  সভাপতি আৰু জাজৰি আৰক্ষী থানা সমিতিৰ সহকাৰী সম্পাদকৰ দায়িত্বত থকা  ফণীধৰ বৰাক যোৱা ২ জুন তাৰিখ মঙ্গলবাৰৰ নিশা জাজৰি আৰক্ষীৰ সুৰামত্ত অৱস্থাত কৰ্তব্য পালন কৰি থকা দুজন উদণ্ড প্ৰকৃতিৰ  কনিষ্টবল  ক্ৰমে পৰেশ শৰ্মা  আৰু আতিকুৰ ৰহমানে জাজৰি উচ্চতৰ মাধ্যমিক বিদ্যালয়ত থকা কোৱাৰাইন্টাইন কেন্দ্ৰৰ সন্মুখৰ পৰা আৰক্ষীলৈ টৰ্ছ লাইতৰ পোহৰ নিক্ষেপৰ অপৰাধত   গুৰুলা গুৰুলকৈ মাৰপিট কৰি চোচৰাই আনিছিল থানা চৌহদলৈ। থানা চৌহদলৈ আনি অতি বৰ্বৰতাৰে অত্যাচাৰ চলাইছিল জাজৰি আৰক্ষীয়ে ।বৰ্তমান সংকটজনক অৱস্থাত ফনীধৰ বৰা নগাঁৱৰ এখন ব্যক্তিগত নাৰ্ছিং হোমত আই চি ইউত মৃত্যুৰ সৈতে যুঁজি আছে। তেওঁৰ পেটৰ নাৰী পৰ্য্যন্ত চিঙি যোৱাকৈ অতি নিদাৰুণ ভাৱে অমানুসিক নিৰ্য্যাতন চলাইছিল বুলি জাজৰিৰ স্থানীয় ৰাইজৰ অভিযোগত প্ৰকাশ । আজি  ফণীধৰ বৰাৰ ওপৰত জাজৰি আৰক্ষীৰ দানৱীয় অত্যাচাৰক কেন্দ্ৰ কৰি এক উতপ্ত পৰিস্থিতিৰ সৃষ্টি হয় । উল্লেখ্য যে অমানৱীয় ভাৱে নিৰ্যাতন চলাই এজন নিৰ্দোষী লোকক তিল তিল কৈ মৃত্যুৰ মুখলৈ ঠেলি দিয়া ঘটণাৰ লগত   জাজৰিৰ দুজন স্থানীয় যুৱক উৎপল শইকীয়া আৰু নেকিব আহমেদ জড়িত থকাৰ কথাও অভিযোগত পোহৰলৈ আহিছে।  লকডাউনৰ সময়ত জাজৰি আৰক্ষীয়ে অঞ্চলটোৰ সৰ্বসাধাৰণ ৰাইজক সহায় কৰাৰ পৰিবৰ্তে সাধাৰণ কথাতে আতিকুৰ ৰহমান আৰু পৰেশ শৰ্মাই সৰ্বসাধাৰণক হাৰাশাস্তি কৰি ধন ঘটি অহাৰ বিষয়েও উপস্থিত ৰাইজৰ অভিযোগত প্ৰকাশ পাইছে। আনহাতে সাধাৰণ ৰাইজৰ ওচৰত বীৰত্ব প্ৰদৰ্শন কৰা আৰক্ষী জোৱান পৰেশ শৰ্মা আৰু আতিকুৰ ৰহমানৰ উন্মাদ আচৰণৰ বিষয়ে বিভিন্ন সময়ত আৰক্ষীৰ শীৰ্ষ বিষয়া সকলক জনাই থকাৰ পিছতো কোনো ব্যৱস্থা গ্ৰহন কৰা নাই বুলি জানিব পৰা গৈছে। জাজৰি অঞ্চলত সংঘটিত অপৰাধজনিত কাৰ্য্যকলাপ নিয়ন্ত্ৰণত চূড়ান্তভাৱে ব্যৰ্থতা প্ৰদৰ্শন কৰি অহা জাজৰি আৰক্ষীৰ ভাৰপ্ৰাপ্ত বিষয়া মলয় আচাৰ্য্যৰ বিতৰ্কিত আৰু নিৰ্লিপ্ত ভূমিকাই অঞ্চলটোৰ শান্তি শৃঙ্খলা বিঘ্নিত কৰাৰ লগতে অঞ্চলটোৰ সাধাৰণ জীৱন প্ৰক্ৰিয়াত ব্যাঘাট সৃষ্টি হোৱা বুলি প্ৰতিবাদী জনতাই জনাইছে।   প্ৰকাশ থাকে যে এই বাতৰি লিখাৰ সময়লৈ জাজৰিত চেপা উত্তেজনা বিৰাজ কৰিছে। ফণীধৰ বৰাৰ দৰে নিৰপৰাধী গাওঁৰক্ষী বাহিনীৰ লোকক দোষী সজাই ঘৃননীয় অত্যাচাৰ চলোৱা দোষী আৰক্ষীৰ বিৰুদ্ধে দৃষ্টান্ত মূলক শাস্তি গ্ৰহনৰ ব্যৱস্থা নকৰিলে অঞ্চলটোত প্ৰতিবাদ অৱ্যাহত থাকিব বুলি স্থানীয় ৰাইজে জনাইছে। এই সন্দৰ্ভত ফণীধৰ বৰাৰ পৰিয়ালে আৰক্ষীৰ ওচৰত এটা গোচৰ ৰুজু কৰিছে আৰু বিহিত ব্যৱস্থাৰ বাবে ভাৰপ্ৰাপ্ত বিষয়া গৰাকীক জনাইছিল যদিও খোদ গাওঁৰক্ষী বাহিনীৰে এগৰাকী লোকৰ আৰক্ষী থানালৈ চোচৰাই আনি বৰ্বৰতা প্ৰদৰ্শন কৰা আৰক্ষীক ৰক্ষনা বেক্ষন দিবলৈ উঠিপৰি লগা বিষয়া মলয় আচাৰ্য্যই সাধাৰণ জনতাক কি ন্যায় প্ৰদান কৰিব সেইয়া ৰহস্যৰ আবৰ্তত থকা বিষয় বুলি জনাইছে গাওঁৰক্ষী বাহিনীৰ জাজৰি অঞ্চলৰ কৰ্মকৰ্তা সকলে।

Leave A Reply

Your email address will not be published.