Breaking

পিয়াং চাপৰিত বিশুদ্ধ খোৱা পানীৰ নামত দুৰ্নীতি-অনিয়মৰ অভিযোগ ভুক্তভোগী ৰাইজৰ…

0 35

বাহিৰে ৰং চং ভিতৰে কোৱাভাতুৰি। বিশুদ্ধ খোৱা পানীৰ নামত বগীবিলত ঠিকাদাৰে  ৰাইজক খুৱাইছে বিৰবিহ।বিভাগীয় কৰ্তৃপক্ষ অথবা ঠিকাদাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সপোনৰ জল জীৱন মিছন আঁচনিৰ গুৰুত্ব প্ৰকৃততে কিমানদূৰ সঠিক ৰূপত  ৰূপায়ন কৰিব পাৰিছে সেয়া চিলাপথাৰৰ এখন জল জীৱন আঁচনিয়ে উদঙাই দিছে।জনস্বাস্থ্য কাৰিকৰী বিভাগৰ ধেমাজি সংমণ্ডলৰ অধীনত  চিলাপথাৰৰ পিয়াঙ চাপৰিত ৰাইজক বিশুদ্ধ খোৱা পানী যোগানৰ বাবে কোটি টকা খৰচ কৰি জল জীৱন মিছনৰ আঁচনি ৰূপায়ন ঠিকেই হ’ল। 

দুই এঘৰলৈ পাইপ সংযোগ কৰা হ’ল যদিও নোলাল পানী। মাহত দুই এবাৰ বিশুদ্ধ পানীৰ নামত ৰাইজক বৰবিহ খুৱাই চৰকাৰী ধন সৰকাই নিলে ঠিকাদাৰে। খগেন কোঁচ নামৰ দুৰ্নীতিগ্ৰস্ত ঠিকাদাৰ গৰাকীয়ে অঞ্চলটোৰ প্ৰায় পাঁছশটাৰো অধিক পৰিয়ালক বিশুদ্ধ খোৱা পানী যোগানৰ নামত জল জীৱন মিছনৰ আঁচনি ৰূপায়ন কৰে যদিও আঁচনিখনৰ পৰা উপকৃত  হোৱা নাই ৰাইজ।

বৰ্তমান ধোৱা চাঙত থকা জল জীৱন  আঁচনিখনে ঢোকে ঢোকে পানী খুৱাইছে ৰাইজক।অপৰিষ্কাৰ অৱস্থাত থকা আঁচনিখনৰ পৰা যোগান ধৰা পানীত ওলাইছে উৎকত গোন্ধ।  মুঠেও খোৱাৰ উপযোগী নহয় পানী। যাৰ ফলত আঁচনি ৰূপায়নত ঠিকাদাৰৰ বিৰুদ্ধে গাফিলতি কৰাৰ অভিযোগ তুলিছে ৰাইজে।  জল জীৱন মিছনৰ নামত ৰাইজক বৰবিহ খুৱাই মৃত্যুমুখত ঠেলি দিয়া ঠিকাদাৰৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ লগতে অচিৰেই  বিশুদ্ধ খোৱা পানীৰ ব্যৱস্থা ল’বলৈ বিভাগক দাবী জনাইছে  ভূক্তভোগী ৰাইজে।

Leave A Reply

Your email address will not be published.