Breaking

ধনৈৰ ধৰ্ষণ আৰু হত্যাকাণ্ডৰ বলি হোৱা ভূক্তভোগী পৰিয়ালক মুখ্যমন্ত্ৰীৰ নিৰ্দেশত সাক্ষাৎ মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ

0 27

ধনৈৰ ধৰ্ষণ আৰু হত্যাকাণ্ডৰ বলি হোৱা ভূক্তভোগী পৰিয়ালক মুখ্যমন্ত্ৰীৰ নিৰ্দেশত সাক্ষাৎ মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ ৷ আজি এবছুৰ বিষয়-ববীয়াৰ সতে দুধনৈৰ ভালাপাৰাৰ ভুক্তভোগী পৰিয়ালৰ ঘৰত উপস্থিত হৈ দোষীক কঠোৰ শাস্তি দিয়া হব বুলি আশ্বাস প্ৰদান কৰে মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই।

লোকসভা নিৰ্বাচনৰ পৰাই মিঞাৰ আক্ৰমণ চলিছে খিলঞ্জীয়াৰ ওপৰত ৷

খিলঞ্জীয়াৰ ওপৰত এটা বিশেষ সম্প্ৰদায়ে আক্ৰমণ চলাই থকাৰ সময়তো কেৱল ভোট বেংকৰ স্বাৰ্থত আজি বিৰোধীয়ে এষাৰো মাত মতা নাই ৷

প্ৰায় দুমাহৰ পিছত দুধনৈৰ চাঞ্চল্যকৰ হত্যাৰ বলি হোৱা হিৰন্ময় খাখলাৰীৰ ঘৰত অসম চৰকাৰৰ জনস্বাস্থ্য কাৰকৰী তথা কেবিনেট মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা উপস্থিত হৈ নিহত হিৰণ্ময় খাখলাৰীৰ দুৰ্ভগীয়া মাতৃ বাসন্তী খাখলাৰী আৰু পৰিয়ালবৰ্গক সাক্ষাৎ কৰি ঘটনাৰ সবিশেষ বুজ লয় ৷

শোক সন্তপ্ত পৰিয়ালক সমবেদনা জ্ঞাপন কৰি এনে বৰ্বৰ কাৰ্যক গৰিহণা দিয়াৰ লগতে জনজাতি যুৱক এগৰাকীক বিশেষ সম্প্ৰদায়ৰ মানুহে নিজৰ গাঁৱৰ সমীপতে বৰ্বৰভাবে হত্যা কৰা ঘটনাত আচৰ্য প্ৰকাশ কৰে আৰু গৰিহণা দিয়ে৷

মন্ত্ৰী গৰাকীয়ে কয় যে নিৰ্বাচনৰ ফলাফল ঘোষণাৰ তথা নিৰ্বাচনৰ সময়ৰ পৰাই সমগ্ৰ অসমত খিলঞ্জীয়া মানুহৰ ওপৰত এটা বিশেষ সম্প্ৰদায়ৰ মানুহে ধাৰাবাহিক ভাবে আক্ৰমণ কৰি আহিছে ৷ এনে ধৰণৰ ঘটনা কেতিয়াও সহ্য কৰা নহ’ব ৷ ইয়াৰ বিৰুদ্ধে সদায় কঠোৰ চৰকাৰ ৷

এনে ধৰণৰ ঘটনাৰ ওপৰত চৰকাৰে দৃষ্টি ৰাখিছে৷ ইয়াৰ বিহিত ব্যবস্থাও চৰকাৰে গ্ৰহণ কৰিব৷

এনে ধৰণৰ ঘটনা ৰোধৰ বাবে খিলঞ্জীয়া ৰাইজে সচেতন হ’ব লাগিব ৷

মন্ত্ৰী গৰাকীয়ে প্ৰয়াত হিৰণ্ময় খাখলাৰীৰ দুৰ্ভগীয়া পৰিয়ালটোৰ লগতে ধৰ্ষিতা যুৱতী দুগৰাকীৰ পৰিয়ালৰ ক্ষতিপুৰণ দিয়াৰ কথাও সংবাদ মাধ্যমৰ আগত কোৱাৰ লগতে অভিযুক্তক ফাষ্টট্ৰেক আদালতৰ জৰিয়তে শাস্তি বিহাৰ ব্যৱস্থা গ্ৰহণৰ বাবে জিলা আয়ুক্ত আৰু আৰক্ষী অধিক্ষকক নিৰ্দেশ প্ৰদান কৰে ৷

Leave A Reply