নতুন দিল্লী: The Waqf (Amendment) Bill, 2025 । সংসদৰ দুয়োটা সদনত গৃহীত হোৱাৰ কেৱল ৪৮ ঘণ্টাৰ ভিতৰত ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে ৱাকফ (সংশোধনী) বিধেয়কত স্বাক্ষৰ কৰে। ৰাষ্ট্ৰপতিৰ এই স্বাক্ষৰৰ লগে লগে বিধেয়কখন আইনত ৰূপান্তৰিত হয়। কেন্দ্ৰীয় চৰকাৰে জনোৱা মতে, গেজেটত অধিসূচনা প্ৰকাশ কৰাৰ দিনৰ পৰাই এই আইন কার্যকৰী হ’ব।
উল্লেখযোগ্য যে, ৩ এপ্ৰিলৰ নিশা ২ বজাত লোকসভাত ১২ ঘণ্টীয়া দীঘলীয়া আলোচনা শেষ হোৱাৰ পিছত এই বিধেয়কখন গৃহীত হয়। বিধেয়কখনৰ পক্ষে ২৮৮ টা আৰু বিপক্ষে ২৩২টা ভোট পৰে। তাৰ পিছতে ৪ এপ্ৰিলৰ মাজনিশা ৰাজ্যসভাতো এই বিধেয়কখন ১২৮ টা বনাম ৯৫ টা ভোটত গৃহীত হয়। The Waqf (Amendment) Bill, 2025
নতুন আইন অনুসৰি, ৱাকফে এতিয়াৰে পৰা কোনো সম্পত্তি নিজৰ বুলি দাবী কৰিব নোৱাৰিব। কোনো সম্পত্তি ৱাকফৰ বুলি দাবী কৰা হ’লে, জিলা দণ্ডাধীশে সেই দাবী পুনৰীক্ষণ কৰিব আৰু চূড়ান্ত সিদ্ধান্ত ল’ব। এই ব্যৱস্থাই সম্পত্তি সংশ্লিষ্ট বিবাদসমূহত অধিক স্বচ্ছতা আনি দিব বুলি আশা কৰা হৈছে।
ইয়াৰ উপৰিও, নতুন আইনত ৱাকফ কাউন্সিলত সৰ্বাধিক ৪ জন অমুছলমান সদস্য আৰু ২ জন মহিলা সদস্য থাকিব পাৰিব বুলি উল্লেখ কৰা হৈছে, যি আগৰ পৰিসৰক তুলনামূলকভাৱে অধিক অন্তৰ্ভুক্তিমূলক কৰি তোলে।
ইপিনে, কংগ্ৰেছ আৰু AIMIM-এ এই সংশোধনী আইনৰ বিৰুদ্ধে ইতিমধ্যে উচ্চতম ন্যায়ালয়ত আবেদন দাখিল কৰিছে। তেওঁলোকৰ অভিযোগ, এই আইনখনে সংবিধানৰ কিছু অধিকার লঙ্ঘন কৰে আৰু এটি বিশেষ সম্প্ৰদায়ৰ ওপৰত আঘাত হানে।
কেন্দ্ৰীয় চৰকাৰে কৈছে, এই আইনখনে দেশৰ ৱাকফ সম্পত্তিৰ পৰিচালনা আৰু প্ৰশাসনত সংস্কাৰ আনি অধিক স্বচ্ছতা আৰু জবাবদিহিতাৰ ব্যৱস্থা প্ৰৱৰ্তন কৰিব।