Breaking

ড° পূৰ্ণিমা দেৱী বৰ্মনলৈ আগবঢ়োৱা হুইটলে গ’ল্ড এৱাৰ্ডে আৰণ্যকৰ জৈৱ বৈচিত্ৰ্য সংৰক্ষণ যাত্ৰাক সমৃদ্ধ কৰিছে…

0 24

জৈৱ বৈচিত্ৰ্য সংৰক্ষণৰ বাবে নিৰলস প্ৰচেষ্টাৰ গুৰি ধৰা এগৰাকী নিষ্ঠাবান মহিলাৰ শক্তিক পুনৰ উজলাই আৰণ্যকৰ সংৰক্ষণ জীৱবিজ্ঞানী ড° পূৰ্ণিমা দেৱী বৰ্মনক “সেউজ অস্কাৰ” খ্যাত “ হুইটলে গ’ল্ড এৱাৰ্ড ২০২৪” প্ৰদান কৰা হৈছে। অসমত স্থানীয়ভাবে হাড়গিলা হিচপে পৰিচিত বিশ্বৰ অন্যতম বিৰলতম বৰটোকোলা বিধৰ সংৰক্ষণৰ ক্ষেত্ৰত তেওঁৰ অক্লান্ত কৰ্মৰ স্বীকৃতি স্বৰুপে বৰ্মনলৈ এই বটাঁ আগবঢ়োৱা হৈছে। জৈৱ বৈচিত্ৰ্য সংৰক্ষণৰ ক্ষেত্ৰত নাৰী শক্তিক বিশ্ব পৰ্যায়ত উজলাই তোলা এই স্বীকৃতি কেৱল ড° বৰ্মনৰ বাবেই নহয়, অসম তথা দেশৰ বাকী অংশৰ বাবেও এক উল্লেখযোগ্য কৃতিত্ব।

এই স্বীকৃতিত আপ্লুত ড° পূৰ্ণিমা দেৱী বৰ্মনে কয় যে এই বঁটাই স্থানীয় সমুদায়ৰ সমৰ্থনেৰে হাড়গিলাক সুৰক্ষা দিয়াৰ তেওঁৰ সংকল্পক অধিক শক্তি যোগাব। শুকুৰবাৰে লণ্ডনত ভাৰতৰ উচ্চায়ুক্তই সম্বৰ্ধনা জনোৱা ড° বৰ্মনে কয়, “এই বঁটাটো প্ৰকৃততে সমাজৰ সেইসকল মহিলাসকলৰ বাবে, যিসকলে মোক এতিয়ালৈকে মোৰ এই যাত্ৰাত শক্তিৰ উৎস হিচাপে ঠিয় দি আহিছে। আমি নিষ্ঠা আৰু দায়বদ্ধতাৰে কেনেকৈ সংৰক্ষণৰ প্ৰচেষ্টাৰ গুৰি ধৰিব পাৰোঁ, এয়া দেশৰ মহিলাসকলৰ পৰা বিশ্বলৈ তাৰ এক বাৰ্তা”। কামৰূপ জিলাৰ দদৰা-পচৰিয়াৰত থকা তেওঁৰ মূল সংৰক্ষণ প্ৰকল্প স্থানৰ মহিলাসকলক সংগঠিতকৰণৰ জৰিয়তে এই বিৰল প্ৰজাতিটোৰ সংৰক্ষণত স্থানীয় মহিলাসকলক স্থায়ীভাবে জড়িত কৰাৰ ড° বৰ্মনৰ এই প্ৰশংসনীয় প্ৰচেষ্টাই বিশ্বজুৰি দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে।আৰণ্যক পৰিয়াল তেওঁৰ এই কৃতিত্বত আনন্দিত। আৰণ্যকৰ (www.aaranyak.org) মুখ্য কাৰ্যবাহী বিষয়া তথা সচিব প্ৰধান ড° বিভৱ কুমাৰ তালুকদাৰে কয়, “২০০২ চনৰ পৰা আৰণ্যকৰ সৈতে জড়িত হৈ থকা ড° পূৰ্ণিমা দেৱী বৰ্মনৰ এই সাফল্যই আৰণ্যকক গৌৰৱান্বিত কৰিছে আৰু পৃথিৱীত জীৱকূলৰ ভৱিষ্যত সুৰক্ষিত কৰাৰ বাবে প্ৰকৃতিক প্ৰতিপালন কৰাৰ আমাৰ নিৰলস প্ৰচেষ্টাত উতকৰ্ষ সাধনৰ বাবে চেষ্টা কৰিবলৈ আমাক সকলোকে উৎসাহিত কৰিছে”।

“স্থানীয় মহিলাসকলৰ অভূতপূৰ্ব সহযোগিতাৰে বিপন্ন হাড়গিলাৰ সংৰক্ষণৰ বাবে পূৰ্ণিমা দেৱীৰ প্ৰশংসনীয় একাগ্ৰতাই জৈৱ বৈচিত্ৰ্য সংৰক্ষণৰ ক্ষেত্ৰত মহিলাৰ ভূমিকা কিয় ইমান গুৰুত্বপূৰ্ণ সেই কথা প্ৰতীয়মান কৰিছে । জৈৱ বৈচিত্ৰ্য সংৰক্ষণৰ বাবে বহনক্ষম দলীয় প্ৰচেষ্টা স্থানীয় সমূদায়ক অনুপ্ৰাণিত কৰাৰ তেওঁৰ ক্ষমতাক বিশ্বই স্বীকৃতি দিছে আৰু এই বঁটাটোৱে ইয়াক পুন: প্ৰতিষ্ঠা কৰিলে” ।আৰণ্যকৰ আন এগৰাকী সংৰক্ষণ নেত্ৰী ড° আলোলিকা সিনহাই কয়, “পূৰ্ণিমা দেৱীৰ সংৰক্ষণ প্ৰচেষ্টা অতুলনীয় আৰু সংৰক্ষণবিদসকল, বিশেষকৈ এই গ্ৰহটোক ৰক্ষা কৰিবলৈ অহোপুৰুষাৰ্থ কৰি থকা সকলো মহিলাৰ বাবে এক অনুপ্ৰেৰণা”।

আৰণ্যকত বিৰাজ কৰা উল্লসিত পৰিৱেশৰ প্ৰতিফলন ঘটাই সংস্থাটোৰ পৰিচালনা মূৰব্বী মৃদুস্মৃতা দেৱীয়ে কয়, “বিপন্ন হাড়গিলা সংৰক্ষণৰ বাবে কৰা একাগ্ৰ চেষ্টাৰ স্বীকৃতি স্বৰুপে “গ্ৰীণ অস্কাৰ” হুইটলে গ’ল্ড এৱাৰ্ড ২০২৪ লাভ কৰা ড° পূৰ্ণিমা দেৱী বৰ্মনলৈ আমাৰ হিয়াভৰা অভিনন্দন । তেওঁৰ কৰ্মই কেৱল আৰণ্যককেই নহয়, সকলো মহিলাকে অনুপ্ৰাণিত কৰিছে”। এই বটাঁই ২০২২ চনত লাভ কৰা “ইউ এন এনভাইৰনমেন্ট চেম্পিয়নছ অৱ দ্যা আৰ্থ এৱাৰ্ড”কে ধৰি বহু স্বীকৃতিৰ গৰাকী ড° পূৰ্ণিমা দেৱী বৰ্মনৰ বটাঁৰ তালিকাখন অধিক শুৱনি কৰিলে। আৰণ্যকে এইবাৰৰ সন্মানীয় হুইটলে গ’ল্ড এৱাৰ্ডেৰে তেওঁলোকৰ প্ৰশংসিত সংৰক্ষণ জীৱবিজ্ঞানী ড° পূৰ্ণিমা দেৱী বৰ্মনক সন্মানিত কৰা বাবে “হুইটলে ফাণ্ড ফৰ নেচাৰ”ক ধন্যবাদ জনাইছে।

Leave A Reply