Breaking

ওদালগুৰি জিলাৰ চাৱমহলীয়াপাৰাত মহিলা সন্ধানহীন

0 12

ওদালগুৰি জিলাৰ চাৱমহলীয়াপাৰাত মহিলা সন্ধানহীনঃ

 দৰং আৰু ওদালগুৰি জিলাৰ সিমান্তৱৰ্তী গাওঁ চাৱমহলীয়াপাৰাত সন্ধানহীন মহিলা  ৷ ৩২ বছৰীয়া মহিলা গৰাকী নমল ডেকাৰ পত্নী কবিতা শৰণীয়া। 

অম্বুবাচীৰ আগৰ দিনা বজাৰ কৰাৰ উদেশ্যে ঝাৰগাও স্থিত বেংকলৈ টকা উলিয়াব গৈ একমাত্র পুত্র সন্তানক এৰি সন্ধানহীন মহিলা গৰাকী।

৫ দিন ধৰি পৰিয়াল তথা গাৱৰ লোকে কোনো খৱৰ পোৱা নাই সন্ধানহীন কবিতা শৰণীয়াৰ।

ইতিমধ্যে পৰিয়ালৰ লোকে খৈৰাৱাৰী থানাত এখন এজাহাৰ দাখিল কৰি যিকোনো উপায়ে ব্যক্তি গৰাকীক বিচাৰি দিয়াৰ বাবে অনুৰোধ জনায় স্বামী নোমল শৰনীয়াই ৷

গাৱৰ আত্মীয় কুটুমে আশা কৰে যে সন্ধানহীন কবিতা শৰণীয়া ভালে কুশলে ঘৰলৈ ঘুৰি আহক ৷

উল্লেখ যে কোনো ব্যক্তিয়ে কবিতা শৰণীয়াৰ সম্ভেদ পালে 9678658389 নম্বৰ ফোন যোগে যোগাযোগ কৰিবলৈ আহ্বান জনাইছে।

Leave A Reply