Breaking

সুধাকন্ঠ সঙ্গীত সাধনালয়ৰ বৰগীতৰ কৰ্মশালাৰ সামৰণি…

0 24

শুৱালকুছিৰ সুধাকন্ঠ সঙ্গীত সাধনালয়ৰ উদ্যোগত অনুস্থিত বৰগীতৰ কৰ্মশালাৰ সামৰণি পৰে। যোৱা তিনি জুলাইৰ পৰা অনুস্থিত কৰ্মশালাত ৪০ গৰাকী প্ৰশিক্ষাৰ্থীয়ে অংশ গ্ৰহণ কৰি মহাপুৰুষ শ্ৰীমন্ত শঙ্কৰদেৱ আৰু মাধৱদেৱৰ বৰগীতৰ ৰাগ-তাল-লয়ৰ আদিৰ তপৰত প্ৰশিক্ষণ দিয়ে।স্হানীয় শ্ৰীশ্ৰীশঙ্কৰদেৱ ধামত অনুস্থিত কৰ্মশালাত সমল ব্যক্তি হিচাপ অংশগ্ৰহণ কৰে শশধৰ ডেকা আৰু মনোজ কলিতাই।

সামৰণি অনুস্হানত অংশগ্ৰহণ কৰি গুৱাহাটী উচ্চ ন্যায়ালয়ৰ অধিবক্তা মৃদুল মালাকৰে বৰগীত অসমীয়াৰ প্ৰাণৰ গীত তথা জাতিৰ আদি গীত বুলি কয়।বৰগীত অনুশীলনে মানুহৰ জীৱন শৈলীৰ পৰিবৰ্তন আনে বুলিও কয়। সঙ্গীত শিল্পী ৰুণুমী কলিতাৰ তত্বাৱধানত চলা কৰ্মশালাৰ সামৰণি অনুস্হানত শুৱালকুছি মহাত্মা গান্ধী  চিকিৎসালয়ৰ চিকিৎসক ডা:শ্যামন্ত কলিতা,শুৱালকুছি ১৩ নং জিলা পৰিষদৰ সদস্যা নন্দিতা কলিতা, আল্পনা ডেকা পলি ডেকা, মহিম নাথ। 

Leave A Reply

Your email address will not be published.