Breaking

USTM& ERDF প্ৰতিষ্ঠানলৈ ৩ দিনীয়া ভ্ৰমণ বিশ্বৰ আটাইতকৈ কম বয়সীয়া অধ্যাপকৰ…

0 40

আমেৰিকাৰ নিউয়ৰ্ক বিশ্ববিদ্যালয়ৰ পৰা বিশ্বৰ আটাইতকৈ কম বয়সীয়া অধ্যাপক হিচাপে বিখ্যাত অধ্যাপক চুবৰ্ণো আইজাক বাৰী। অধ্যাপক বাৰীৰ USTM& ERDF প্ৰতিষ্ঠানলৈ ৩ দিনীয়া ভ্ৰমণ। ২০২৪ চনৰ ১৪ আৰু ১৫ আগষ্টত ইউ এছ টি এমত শৈক্ষিক সমাজৰ সৈতে মিলিত হ’ব অধ্যাপক বাৰী। ইয়াৰ পূৰ্বে ২০২৪ চনৰ ১৩ আগষ্টত ই আৰ ডি ফাউণ্ডেশ্যন গুৱাহাটীৰ অধীনস্থ বিদ্যালয় দুখন—কেন্দ্ৰীয় পাব্লিক স্কুল বদৰপুৰ আৰু অসমৰ কৰিমগঞ্জ জিলাত অৱস্থিত কেন্দ্ৰীয় পাব্লিক স্কুল পাথাৰকাণ্ড পৰিদৰ্শন কৰি “শিশু আৰু বিজ্ঞান” বিষয়ত ছাত্ৰ-ছাত্ৰীসকলক সম্বোধন কৰিব।


এই ভ্ৰমণৰ সময়ত অধ্যাপক বাৰীয়ে ধাৰাবাহিক বৈজ্ঞানিক বক্তৃতা প্ৰদান কৰাৰ পিছত ইন্টাৰেক্টিভ অধিবেশন আৰু আলোচনা অনুষ্ঠিত কৰিব। ২০১২ চনৰ ৯ এপ্ৰিলত জন্মগ্ৰহণ কৰা অধ্যাপক বাৰীক প্ৰায়ে “আমাৰ সময়ৰ আইনষ্টাইন” বুলি কোৱা হয়। তেওঁৰ অসাধাৰণ বুদ্ধি আৰু বিজ্ঞান আৰু শিক্ষাৰ বিভিন্ন ক্ষেত্ৰলৈ যুগান্তকাৰী অৱদানেৰে তেওঁ বিশ্বক মোহিত কৰিছে।


ইউ এছ টি এমৰ চ্যান্সেলৰ মাহবুবুল হকে কয় যে, “আমি অধ্যাপক চুবৰ্ণো আইজাক বাৰীক আমাৰ কেম্পাছলৈ আদৰণি জনাই আনন্দিত হৈছো।“তেওঁৰ এই ভ্ৰমণে বিশ্বব্যাপী শৈক্ষিক সহযোগিতাৰ পোষকতা আৰু আমাৰ সমাজক বিশ্বমানৰ বুদ্ধিমত্তা আৰু উদ্ভাৱনৰ সুবিধা প্ৰদানৰ প্ৰতি বিশ্ববিদ্যালয়ৰ দায়বদ্ধতাক সূচায়।তেওঁৰ এই ভ্ৰমণে উত্তৰ-পূৰ্বাঞ্চলৰ যুৱ মনবোৰক তেওঁলোকৰ শৈক্ষিক আৰু গৱেষণামূলক সাধনাত আৰু অধিক কঠোৰ আৰু অধিক উৎসাহেৰে কাম কৰিবলৈ অনুপ্ৰাণিত কৰিব ”।

Leave A Reply

Your email address will not be published.