Breaking

মায়ঙৰ বেজালিৰে জনপ্ৰিয় হোৱা যুৱককজন…

0 70

কোন কেতিয়া জনপ্ৰিয় হয়,কাক কেতিয়া জনসাধাৰণে বুকুৰ মাজত আকোৱালি লয় তাক কোনেও হঠাতে ক’ব নোৱাৰে।হঠাতে কোনোবা এজন ব্যক্তি আমাৰ মাজত জনপ্ৰিয় হৈ পৰে আৰু হঠাতে কোনোবা এজন আমাৰ বুকুৰ মাজৰ পৰা দূৰত অৱস্থান কৰে।হঠাতে জনপ্ৰিয় হোৱা এজন যুৱকৰ বিষয়ে এই লেখাটোত ক’ব বিচাৰিছো।২০০১ চনৰ ছেপ্তেম্বৰ মাহৰ ১৭ তাৰিখে যোৰহাটৰ চিনামৰাত জন্ম লাভ কৰা যুৱকজনে হঠাতে অসমবাসীৰ পৰা অলেখ মৰম বুটলিবলৈ সক্ষম হৈছে।আচৰিৰ হৈছে চাগে,কাৰ বিষয়েনো ক’ব বিচাৰিছো।হয়,মায়ঙৰ বেজালি শীৰ্ষক গীতেৰে অসমত জনপ্ৰিয় হৈ পৰা বিশ্বজিৎ সোনোৱালৰ বিষয়ে ক’ব বিচাৰিছো।বিশ্বজিতৰ দেউতাকৰ প্ৰকৃত ঘৰ বৰহোলাত।মনেশ্ব সোনোৱাল আৰু হেমদা সোনোৱালৰ কনিষ্ঠ পুত্ৰ বিশ্বজিতে কান্ধত ঢোলটো লৈয়ে জগত জিনিব বিচাৰে।বিশ্বজিৎ সোনোৱালৰ জ্যেষ্ঠ ভাতৃৰ নাম দীপাংকৰ সোনোৱাল।বিশ্বজিতৰ শৈক্ষিক অৰ্হতা বুলি ক’লে সি ব্যক্তিগত কাৰণত স্নাতক শিক্ষা আধাতে সামৰি থ’লে।গানৰ আনুষ্ঠানিক শিক্ষা নথকা বিশ্বজিতে গান শুনি শুনিয়ে সুৱলা কণ্ঠেৰে গাবলৈ শিকিছে।তেনেদৰেই ৰাইজৰ মৰম বুটলিবলৈ সক্ষম হৈছে।

আচলতে বিশ্বজিৎ সোনোৱাল এজন ভাল বিহুৱা।এজন ভাল বিহুৱা হিচাপে বিশ্বজিতক সকলোৱে জানে।বিশ্বজিতে সৰুৰে পৰাই বিহু কৰি আহিছে।দদাইক দীপাংকৰ সোনোৱালেও বৰ ভাল ঢোল বজাইছিল।সৰুৰে পৰাই দদাইকক ঢোল বজোৱা দেখি-দেখিয়ে বিশ্বজিতো ঢোল বজাবলৈ শিকিছিল।এনেদৰেই বিশ্বজিতে বিহুৰ প্ৰতি আকৰ্ষিত হৈছিল।বিহুৰ প্ৰতি বিশ্বজিতৰ এটা আৱেগ জড়িত হৈ আছে বুলি আমাক এক সাক্ষাৎকাৰ যোগেদি জানিবলৈ দিয়ে।বিহুৰ উপৰিও ভাওনা,দিহানামতো বিশ্বজিতে ভাল প্ৰদৰ্শন কৰে।বিহুৰ সৈতে জড়িত সকলো বাদ্য যেনে-ঢোল,পেঁপা,বাঁহী ইত্যাদি বৰ সুন্দৰকৈ বজায়।বিশ্বজিতে পঢ়ি থকা দিনবোৰত বিহুগীত,আধুনীক গীত,জ্যোতি সংগীত,ৰাভা সংগীত,ভূপেন্দ্ৰ সংগীত আদিত সদায়ে প্ৰথম স্থান লাভ কৰিবলৈ সক্ষম হৈছিল।বিশ্বজিতে ৫ টা বছৰ বিদ্যালয়ৰ শ্ৰেষ্ঠ গায়কৰ সন্মান লাভ কৰিবলৈ সক্ষম হৈছিল।বিশেষ ভৱিষ্যৎ পৰিকল্পনা নথকা বিশ্বজিতে অসমীয়া সংস্কৃতিৰ সৈতে জড়িত হৈয়ে আগবাঢ়ি যাব বিচাৰে।মায়ঙৰ বেজালি গীতেৰে জনপ্ৰিয় হৈ পৰা বিশ্বজিতৰ এই গীতটোৰ কথা আৰু সুৰ-মানস জ্যোতি শইকীয়া আৰু পুলিন মহনৰ।বিশ্বজিতৰ সৈতে এই গানটোত কণ্ঠদান কৰিছিল পাৰ্থ নেওঁগ আৰু পূবালি ফুকনে।অন্যহাতে দ্বীপ গগৈ,বিশাল গগৈ,মানস বৰা,অচ্যুৎ শইকীয়া,ৰাহুল ৰঞ্জন বৰা,পূৰ্ব গগৈয়ো এই গীতটোৰ সৈতে জড়িত আছিল।বিহু ভালপোৱা,অসমীয়া সংস্কৃতিক ভালপোৱা সোনোৱাল জনগোষ্ঠীৰ প্ৰতিভাৱান যুৱক বিশ্বজিতে এদিন সমগ্ৰ অসমবাসীৰ হৃদয় জিনাৰ আশাৰে এই চুটি লেখাটো সমাপ্ত কৰিলোঁ।

লেখকঃ অশ্বিনী কছাৰী

Leave A Reply