Breaking

নিচাযুক্ত সামগ্ৰীক লৈ কামৰূপ জিলা আৰক্ষীৰ অভিযানত জব্দ অবৈধ সুৰা

0 15

নিচাযুক্ত সামগ্ৰীক লৈ কামৰূপ জিলা আৰক্ষীয়ে অভিযান অব্যাহত চলাই থকাৰ মাজতে ২২ জুনত ঘটনাৰ সৈতে জড়িত এগৰাকী ব্যক্তিক আটক কৰে । ধৃত ব্যক্তি গৰাকীৰ নাম ডি ডি চৌবে বুলি জানিব পৰা যায় । ঘটনাৰ বিৱৰণী অনুসৰি কামৰূপ জিলা আবকাৰীৰ এটা দলে গোপন তথ্যৰ ভিত্তিত ব্যক্তি গৰাকীক আটক কৰিবলৈ সক্ষম হয় । ইফালে আটকাধীন সময়ত ব্যক্তি গৰাকীৰ পৰা বহু পৰিমাণৰ সুৰাৰ বটল, সুৰা নিৰ্মাণৰ সামগ্ৰী জব্দ কৰে ।

উল্লেখ্য যে একে সময়তে কামৰূপ মেট্ৰ’ আবকাৰীৰ আন এটা দলে অভিযুক্তৰ ঘৰত তালাচী চলাই সুৰা আৰু সুৰা প্ৰস্তুতৰ বাবে ব্যৱহৃত সামগ্ৰী জব্দ কৰিবলৈ সক্ষম হয় । প্ৰয়োজনীয় কথাটো হ’ল প্ৰথম অভিযুক্তৰ পৰা পোৱা আৰক্ষীৰ সোধ পোছৰ তথ্যৰ ভিত্তিত আৰক্ষীয়ে ডি নেঁওগ নামৰ আনটো সৰবৰাহকাৰীকো আটক কৰাৰ উপৰিও অভিযুক্ত গৰাকীৰ বাহনৰ পৰা সুৰা বনোৱা সামগ্ৰী জব্দ কৰে | ইফালে ২৩ জুনত অসমৰ আবকাৰী আয়ুক্তৰ নিৰ্দেশ অনুসৰি কামৰূপ মেট্ৰ’ আবকাৰীৰ এটা দলে কোকৰাঝাৰ আবকাৰী দলৰ সহায়ত কোকৰাঝাৰত অবৈধ সুৰা উৎপাদন কৰা এটা চক্ৰক আটক কৰে। উল্লেখ্য যে কোকৰাঝাৰ জিলা আৰু মেঘালয়ৰ অবৈধ সুৰা উৎপাদনকাৰী চক্ৰ সন্দৰ্ভতো কিছু তথ্য লাভ কৰিছিল ।

Leave A Reply