Breaking

ঢেকীয়াজুলি আৰক্ষীথানাত নতুনকৈ অচি হিচাপে দায়িত্বভাৰ গ্ৰহণ

0 47

ঢেকীয়াজুলি আৰক্ষীথানাত নতুনকৈ অচি হিচাপে দায়িত্বভাৰ গ্ৰহণ কৰা সুদক্ষ আৰক্ষী বিষয়া ধনজিৎ হালৈক আজি সম্বৰ্ধনা জনায় সদৌ অসম আদিবাসী ছাত্ৰ সন্থাই৷উল্লেখ্য যে ঢেকীয়াজুলি আৰক্ষীথানাৰ অচি ৰাজা চৰকাৰক বদলি কৰাৰ পিছত সুদক্ষ আৰক্ষী বিষয়া ধনজিৎ হালৈক বিভাগীয় ভাবে ঢেকীয়াজুলি আৰক্ষীথানাৰ অচি হিচাপে দায়িত্ব অৰ্পণ কৰিছে৷

সেয়েহে ঢেকীয়াজুলি আৰক্ষীথানাৰ নতুন অচি হিচাপে দায়িত্বভাৰ গ্ৰহণ কৰা সুদক্ষ আৰক্ষী বিষয়া ধনজিৎ হালৈক আজি সম্বৰ্ধনা জনায় সদৌ অসম আদিবাসী ছাত্ৰ সন্থাই৷সদৌ অসম আদিবাসী ছাত্ৰ সন্থাৰ শোণিতপুৰ জিলা সমিতিৰ উদ্যোগত সংগঠনটোৰ ঢেকীয়াজুলি আৰু বৰছলা আঞ্চলিক সমিতিৰ সহযোগত ঢেকীয়াজুলি আৰক্ষীথানাত

সুদক্ষ আৰক্ষী বিষয়াগৰাকীক সম্বৰ্ধনা জনায়৷সদৌ অসম আদিবাসী ছাত্ৰ সন্থাৰ শোণিতপুৰ জিলাৰ সভাপতি আনন্দ তাঁতী আৰু শোণিতপুৰ জিলা সমিতিৰ সহকাৰী সম্পাদক ৰোহিত তাঁতীৰ নেতৃত্বত সংগঠনটোৰ শোণিতপুৰ জিলা সমিতিৰ বিষয়ববীয়াৰ লগতে ঢেকীয়াজুলি আৰু বৰছলা আঞ্চলিক সমিতিৰ বিষয়ববীয়াৰ উপস্থিতিত সম্বৰ্ধনা জনোৱা হ’য়৷আজিৰ সম্বৰ্ধনা কাৰ্যসূচীত সদৌ অসম আদিবাসী ছাত্ৰ সন্থা ঢেকীয়াজুলি আঞ্চলিক সমিতিৰ সভাপতি দয়ালু বাগ,বৰছলা আঞ্চলিক সমিতিৰ সভাপতি বাসু তাঁতীৰ লগতে সংগঠনটোৰ বিভিন্ন দায়িত্বত থকা বিষয়ববীয়া সকল উপস্থিত থাকে৷

Leave A Reply