Breaking

গোগামুখত বানৰ ভয়ানক ৰূপঃ ওফন্দি উঠিছে ন-নদী-কুমটীয়া-জীয়াধল

0 23

দৈনন্দিন বাৰ্তাৰ সেৱা, গোগামুখ, ১ জুলাইঃ অৰুণাচল প্ৰদেশ আৰু অসমৰ লখিমপুৰ ধেমাজিত হৈ থকা মুষলধাৰ বৰষুণ হৈ থকাত ধেমাজি জিলাত বানে ভয়ংকৰ ৰূপ লৈছে। জিলাখনৰ ন-নদী, কুমটীয়া আৰু জীয়াধল প্ৰবল বৃষ্টিপাতৰ ফলত ফেনে-ফুটুকাৰে ওফন্দি উঠিছে আৰু বানৰ প্ৰকোপ তীব্ৰ গতিত বৃদ্ধি কৰিছে ৷ বিশেষকৈ জিলাখনৰ গোগামুখ ৰাজহ চক্ৰৰ অন্তৰ্গত ছখন ৰাজহ গাঁও সম্পূৰ্ণৰূপে বানপানীত বিপৰ্যস্ত হোৱাৰ বিপৰীতে ১৫ খনৰো অধিক গাঁও বানৰ কবলত পৰিছে। আমাৰ হাতত পৰা তথ্য অনুসৰি গোগামুখ ৰাজহ চক্ৰৰ অন্তৰ্গত বানত বিপৰ্যস্ত হোৱা ৰাজহ গাঁৱৰ ভিতৰত আছে মাজৰবাৰী ৰাজহ গাঁৱৰ মাজৰ বাৰী দেউৰী, মাজৰবাৰী বড়ো, মাজগাঁও দেউৰী, কৌপাতনি ৰাজহ গাঁৱৰ অন্তৰ্গত কৌপাতনি, কৌপাতনি বড়ো, বান্তৌগুৰি, হিলৈমাৰীখাট ৰাজহ গাঁৱৰ অন্তৰ্গত হিলৈমাৰী, মুকুলবাৰী, বামুনপুৰ,  ন-গাঁও চাউতালপুৰ অন্তৰ্গত চেনিয়া দেউৰী, বামচেনীয়া দেউৰী আৰু চাউতাল পুৰ গাঁও আদি গাঁও। গোগামুখ ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়ৰ এটি সুত্ৰই সদৰী কৰা মতে,গোগামুখ ৰাজহ চক্ৰৰ চক্ৰ বিষয়া অনামিকা গগৈৰ নেতৃত্বত এটি দলে বিগত তিনিদিন ধৰি বানাক্ৰান্ত অঞ্চলত পৰিদৰ্শন কৰি আছে আৰু বানত বিধ্বস্ত উল্লিখিত গাঁওসমূহৰ জনসাধাৰণক বান সাহায্য দিয়াৰ কাম আজিৰ পৰা আৰম্ভ কৰিছে আৰু কাইলৈ বানাক্ৰান্ত অঞ্চললৈ অধিক বান সাহায্য বিতৰণৰ সম্ভাৱনা আছে বুলি চক্ৰ বিষয়াৰ কাৰ্যালয়ে জানিবলৈ দিছে ৷ একেদৰে জীয়াধল, কুমটীয়া আৰু ন-নদীৰ বানে গোগামুখ ৰাজহ চক্ৰৰ অন্তৰ্গত ভেকেলী, গেৰমে, মিংমাং সৰিয়নি, ওপৰ চেনিয়া, উত্তৰ মাজদেউৰী, কাজিয়ামাটি, কাকৈয়াল,পদুমনি, বৰুৱাপথাৰ, চৌখাম,বাহৰকটিকা, মাজগাঁও, ৰতুৱা, বেৰভঙা, ফুলবাৰী, বৰদৈ চুতীয়াকাৰী, বেতনিহুলা, বৰদৈবাগান, ভেবেলী আদি কুৰিখনৰো অধিক গাঁও ক্ৰমান্বয়ে বানৰ প্ৰকোপ বৃদ্ধি পাইছে৷ গাঁওসমূহৰ ঘৰ-বাৰী জলমগ্ন হোৱাৰ সমান্তৰালভাৱে শ শ বিঘা খেতি উছন যোৱাৰ লগত কৃষিভূমিও সম্পূৰ্ণৰূপে পানীৰ তলত ডুব গৈছে ৷ 

Leave A Reply