Breaking

আমিনগাওঁৰ ঘোঁৰাজানত প্ৰশাসনৰ উচ্ছেদ অভিযান

0 12

আমিনগাওঁৰ ঘোঁৰাজানত প্ৰশাসনৰ উচ্ছেদ অভিযান।

উচ্ছেদ কৰিলে কেইবাটাও পৰিয়ালৰ বাসগৃহ।

২০২২ চনৰ ম্যাদী পট্টন হোৱা মজনুৰ আলি,তৌফিক আলি,প্যাৰ আলি, আৰু জাকিৰ আলিকে ধৰি পাঁচটা পৰিয়ালৰ ৪ বিঘা মাটিত উচ্ছেদ চলালে কামৰূপ জিলা প্ৰশাসনে।

অঞ্চলটোত আহাৰ মহীয়া বানত সৃষ্টি হৈছে কেইবাটাও পৰিয়ালৰ এতিয়া নাজল-নাথল অৱস্থা।

অঞ্চলটোত আবদ্ধ হৈ থকা পানীসমূহ নিস্কাশন কৰাৰ বাবে প্ৰশাসনে তৎপৰতাৰে গ্ৰহণ কৰিছে এই ব্যৱস্থা।
অভিযোগ অনুসৰি উত্তৰ গুৱাহাটী ৰাজহ চক্ৰৰ অন্তৰ্গত জলাশয় কিম্বা চৰকাৰী ভুমি সমুহ অবৈধ ভাবে দখল কৰাৰ পৰিণতিত বৃহত্তৰ উত্তৰ গুৱাহাটীৰ বহু অঞ্চল পানীত এতিয়া সৃষ্টি হৈছে কৃত্ৰিম বান পৰিস্থিতি।

ৰাইজৰ অভিযোগ অনুসৰি উত্তৰ গুৱাহাটী ৰাজহ চক্ৰৰ কাৰ্যালয়ৰ একাংশ কৰ্মচাৰীৰ লগতে উঠি ৰজা বহি ৰজা হোৱা একাংশ দালালৰ প্ৰত্যক্ষ সহযোগত অঞ্চলটোত সংকুচিত হৈ আহিছে জলাশয় সমূহ ।

এই সকল ভুক্তভোগীৰ এতিয়া শেষ ভৰষা মুখ্যমন্ত্ৰী গৰাকী।

Leave A Reply