Breaking

বিলাসীপাৰাৰ বানাক্ৰান্ত অঞ্চল পৰিভ্ৰমণত সাংসদ ৰকিবুল হুছেইন

0 31

বিলাসীপাৰাৰ বানাক্ৰান্ত অঞ্চল পৰিভ্ৰমণত সাংসদ ৰকিবুল হুছেইন

লোকসভাৰ শপত গ্ৰহণ অনুষ্ঠান সামৰি ততাতৈয়াকৈ ধুবুৰী লোকসভা সমষ্টিটোৰ সাংসদ ৰকিবুল হুছেইনে আজি ৰাতিপুৱাৰে পৰা বিলাসীপাৰা মহকুমাখনৰ লক্ষীগঞ্জ, ভালুকমাৰীৰ গৌৰাং নদীৰ সংহাৰকাৰী বানপানীত দিশহাৰা হোৱা বানপীড়িতৰ খবৰ লয় ।


ৰাজধানী দিল্লীৰ পৰা ৰেলৰে আহি কোকৰাঝাৰ ৰেল ষ্টেচনত নামে আৰু তাৰ পৰাই পোনে পোনে ফুটকীবাৰী,ভালুকমাৰী,হাজাৰীপাৰা, লক্ষীগঞ্জ, সোণামুখী , চৰাঞ্চলৰ মাছানেৰ আলগা, হাতীপোতা,ছুৱাপাতা,গুটিপাৰা আদি বানাক্ৰান্ত অঞ্চল নাৱেৰে পৰিভ্ৰমণ কৰি বানপীড়িতৰ বুজ লৈ কয় যে,ধুবুৰী লোকসভা সমষ্টিটোৰ বানপীড়িতক কিদৰে সহায় কৰা যায় সেই সন্দৰ্ভত কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰৰ লগত আলোচনা কৰাৰ আশ্বাস দিয়ে ।

তাৰোপৰি বিলাসীপাৰাৰ মহকুমাধিপতি তথা সংশ্লিষ্ট বিভাগীয় কৰ্তৃপক্ষৰ লগত ফোনযোগে বানপীড়িতক কিদৰে সহায় কৰিব পাৰি তাৰো সমস্যা সমাধান উলিয়াবলৈ চেষ্টা চলাব বুলি আশ্বাস দিয়ে।
ইতিমধ্যে বিলাসীপাৰাৰ মহকুমাধিপতিয়ে ৰাজহ চক্ৰ বিভাগৰ মণ্ডল-কানুনগো সহ নাৱেৰে বানপীড়িত অঞ্চলত সমূহ পৰিদৰ্শন কৰি বুজ লয় ।লগতে পশুধনৰ খাদ্য যোগান ধৰাৰ বাবে ব্যৱস্থা লোৱা বুলি জানিব পোৱা গৈছে

Leave A Reply