Breaking

পকী পথ নিৰ্মাণ আঁচনিত ব্যাপক দুৰ্নীতিৰ অভিযোগ

0 29

মুখ্য মন্ত্ৰীৰ পকী পথ নিৰ্মাণ আঁচনিত ব্যাপক দুৰ্নীতিৰ অভিযোগ।

দলগাওঁ সমষ্টিৰ অন্তৰ্গত শিলবৰী গাওঁ পঞ্চায়তত ২০২২-২৩ বৰ্ষত অসম লোক নিৰ্মাণ বিভাগৰ মুখ্যমন্ত্ৰী পকী পথ নিৰ্মাণ আঁচনিৰ অধীনত বেছিমাৰী নলবাৰী সংযোগী ১কোটি ২৫লাখ ৭৭ হেজাৰ ৫ শ টকা ব্যায়েৰে ২.৩৯ কিলোমিটাৰ পথ অনুমোদন হৈছিল আৰু ঠিকা লাভ কৰিছিল ছৈয়দ পাজিৰ উদ্দিন আহমেদে।

কিন্তু পথটোৰ নিৰ্মাণ কাৰ্যক লৈ ৰাইজৰ মাজত উঠিছে ব্যাপক দুৰ্নীতিৰ অভিযোগ। স্থানীয় ৰাইজৰ অভিযোগ মতে পথ নিৰ্মাণ হোৱা নাই প্ৰাক-কলন অনুসৰি।অতি নিম্ন মানৰ পাথৰ,বালি ব্যৱহাৰ হৈছে লগতে পথ খনৰ নাই কাষৰ বাম।

পথ খনত দিয়া নাই কোনো নতুন মাটি। যোৱা কেই দিনমানৰ বৰষুণৰ ফলত পথছোৱাত ঠায়ে ঠায়ে ভাঙি-ছিঙি গৈছে। স্থানীয় ৰাইজৰ বিভাগীয় কতৃপক্ষ আৰু চৰকাৰ লৈ বিনম্ৰ আহ্বান উক্ত পথ নিৰ্মাণ কামত হোৱা দুৰ্নীতিৰ তদন্ত কৰি সুচাৰুৰূপে পথ খন নিৰ্মাণ কৰি দিয়াৰ

Leave A Reply