Breaking

খানাজানৰ শ্লুইচগেটৰ সমীপত সুৰক্ষা বান্ধত ফাট : বিধায়কৰ তৎপৰতাত সাময়িকভাৱে ৰক্ষা

0 9

গুৱাহাটী ,৩ জুলাই : অসম চৰকাৰৰ জলসম্পদ বিভাগ আৰু পশ্চিম গুৱাহাটী সমষ্টিৰ বিধায়ক ৰমেন্দ্র নাৰায়ণ কলিতাই লোৱা সমযোচিত পদক্ষেপৰ বাবে বুধবাৰে সাময়িকভাবে বানপানীৰ পৰা ৰক্ষা পৰিল বৰঝাৰ বিমানবন্দৰসহ পশ্চিম গুৱাহাটীৰ এক বিস্তীৰ্ণ অঞ্চল । প্ৰাপ্ত খবৰ মতে গুৱাহাটীৰ পশ্চিম প্ৰান্তৰ দীপৰ বিল – ব্ৰহ্মপুত্ৰ নদী সংযোগী খানাজানৰ ওপৰত পূৱ ধাৰাপুৰ আৰু গাড়ীগাঁওৰ মাজত থকা শ্লুইচগেটৰ সমীপত নতুনকৈ নিৰ্মাণ কৰা সুৰক্ষা বান্ধটো পুৱা ৬.২০ মান বজাত ফাট মেলি পানী বৈ অহা কাৰ্য প্ৰতক্ষ্য কৰাত অঞ্চলটোৰ ৰাইজৰ মাজত হাহাকাৰ অৱস্থাৰ সৃষ্টি হয়। এই সম্পৰ্কে ৰাইজে ততালিকে স্থানীয় বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতাক অৱগত কৰে। অৱগত কৰাৰ মাত্ৰ একৰ পৰা ডেৰ ঘণ্টাৰ ভিতৰতে বিধায়ক কলিতাই জলসম্পদ বিভাগৰ কামৰূপ মহানগৰ সংমণ্ডলৰ কাৰ্যবাহী অভিযন্তা দ্বীপেন শৰ্মা, মধ্য গুৱাহাটী আৰু নিউ গুৱাহাটী উপ সংমণ্ডলৰ সহকাৰী কাৰ্যবাহী অভিযন্তা তপন কলিতাক লগত লৈ ঘটনাস্থলীত উপস্থিত হয়। লগে লগে অভিযন্তাদ্বয়ে তাত থকা বিভাগীয় শিবিৰত থকা শ্ৰমিক সকলৰ সহযোগত ফাট মেলা অংশখিনী যুদ্ধকালিন তৎপৰতাৰে মাটিৰ বস্তা দি মেৰামতি কৰি পানী যোৱাটো বন্ধ কৰিবলৈ সক্ষম হয়।

উল্লেখ্য যে দিনত নহৈ নিশাৰ অন্ধকাৰত হোৱা হলে সুৰক্ষা বান্ধটো ভাঙি গৈ পানী সোমাই এক বিস্তীৰ্ণ অঞ্চল বানপানীৰ কবলত পৰাৰ লগতে বৰঝাৰস্থিত লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰ চৌহদ জলমগ্ন হোৱাৰ আশংকা আছিল। জানিব পৰা মতে জলসম্পদ বিভাগে সুৰক্ষা বান্ধসহ শ্লুইচগেটৰ নিৰাপত্তাৰ বাবে তাত কিছুদিন পূৰ্বে এটা শিবিৰ স্থাপন কৰি দিনে – নিশাই পহৰাৰ ব্যৱস্থা কৰিছে। আনকি তাত কনিষ্ঠ অভিযন্তা এজনৰ নেতৃত্বত যিকোনো পৰিস্থিতিৰ মোকাবিলা কৰিবৰ বাবে বিভাগৰ এটা কৰ্মীৰ দল সাজু কৰি ৰখা হৈছে।

Leave A Reply