Breaking

অসম গ্ৰাম্য শিৰোৰত্ন বঁটাৰে বিভূষিত অসম চৰকাৰৰ দ্বাৰা স্বীকৃতিপ্ৰাপ্ত সাহিত্যিক পেঞ্চনাৰ আনোৱাৰ হুছেইন…

0 54

একাধাৰে নাট্যকাৰ,বিশিষ্ট কবি তথা উপন্যাসিক আৰু অসম চৰকাৰৰ দ্বাৰা স্বীকৃতিপ্ৰাপ্ত সাহিত্যিক পেঞ্চনাৰ ধুবুৰী জিলাৰ বৰকান্দাৰ বোৱালকামৰি গাঁৱৰ অৱসৰ প্ৰাপ্ত শিক্ষক মঃ আনোৱাৰ হুছেইন ডাঙৰীয়ালৈ নগাওঁৰ অসম গৰিয়সী পুথি সংৰক্ষণ আৰু সাহিত্য-সংস্কৃতিৰ বিকাশ মঞ্চই ২০২৩ বৰ্ষৰ অসম গ্ৰাম্য শিৰোৰত্ন বঁটাৰে পুৰস্কৃত কৰে । ২০২৪ বৰ্ষৰ ৫ মে তাৰিখে  আনুষ্ঠানিক ভাবে মঃ আনোৱাৰ হুছেইন ডাঙৰীয়াক  এই সন্মানীয় বঁটাটো প্ৰদান কৰা হয়।

বঁটা প্ৰাপক গৰাকীক এখনি ফুলাম গামোছা- জাপি, বিকাশ মঞ্চৰ এটি মমেণ্ট আৰু মানপত্ৰৰে সন্মানিত কৰা হয় ।মঃ হুছেইন ডাঙৰীয়া বৰকান্দা পিপলচ একাডেমী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ এগৰাকী অৱসৰ প্ৰাপ্ত শিক্ষক। লগতে অসম সাহিত্য সভাৰ ধুবুৰী জিলা সাহিত্য সভাৰ উপসভাপতি তথা আজীৱন সভ্য।

তেখেতে পূৰ্বৰে পৰা সাহিত্য সৃষ্টি,নাট্যকাৰ, সংস্কৃতিৰ হকে সেৱা আগবঢ়াই আহিছে যদিও বহু প্ৰতিভাসম্পন্ন ব্যক্তি গৰাকী প্ৰচাৰ বিমুখ হৈ আছিল। তেখেতে “শিৰোৰত্ন ” বঁটা লাভ কৰি ধুবুৰী জিলা খনলৈ গৌৰৱ কঢ়িয়াই আনিছে ।যাৰ বাবে ধুবুৰী জিলা সাহিত্য সভা, বিলাসীপাৰা শাখা সাহিত্য সভা, বৰকান্দা সমবায় সমিতি,কাজল ভোমৰা শিল্পী সমাজ, আই শাখাতি সাহিত্য সভা,লক্ষীগঞ্জ শাখা সাহিত্য সভাকে আদি কৰি বহু দল-সংগঠনে গৌৰৱবোধ কৰি অভিনন্দন জ্ঞাপন কৰিছে।

Leave A Reply

Your email address will not be published.