Breaking

বিষাক্ত পাৰ্থেনিয়াম বৰবিহে ছানি ধৰিছে দেৰগাঁও…

0 16

প্ৰাণনাশক পৰ্থেনিয়ামৰ কৱলত দেৰগাঁও চহৰ।দেৰগাঁৱৰ ৩৭নং ৰাষ্ট্ৰীয় ঘাইপথৰ কাষত পাৰ্থেনিয়ামে লৈছে ভয়ংকৰ ৰূপ ।
শান্তিপুৰৰ পৰা দাধৰালৈকে দুয়োকাষে ভয়ংকৰ ৰূপত বৃদ্ধি পোৱা অপতৃণ পাৰ্থেনিয়ামে জনস্বাস্থ্যৰ প্ৰতি কঢ়িয়াই আনিছে গুৰুতৰ ভাবুকি।

সমগ্ৰ বিশ্বতে আতংকৰ সৃষ্টি কৰা অতি বিষাক্ত অপতৃণ পাৰ্থেনিয়ামে জীৱ-জন্তুৰ পৰা মানৱ স্বাস্থ্যলৈকে অতি ভয়ংকৰ বিপদ মাতি আনিছে। উদ্ভিদ বিজ্ঞানত বিষাক্ত হিচাপে চিহ্নিত এই পাৰ্থেনিয়ামৰ সংস্পৰ্শলৈ আহিলেই কোনো ব্যক্তি আক্ৰান্ত হ’ব পাৰে জ্বৰ, চৰ্দি, কাহ, হাঁপানী, এলাৰ্জি আদি ৰোগৰ লগতে হাওঁফাওঁৰ গুৰুতৰ ৰোগত।

শীঘ্ৰে ভয়ংকৰভাৱে বিষাক্ত অপতৃণসমূহ চিকুণাই নিদিলে ফুলবোৰ শুকুৱাৰ ফলত গুৰুতৰ ৰোগত অঞ্চলবাসী আক্ৰান্ত হোৱাৰ আশংকা চৌদিশে। এই অপতৃণসমূহ শীঘ্ৰে আঁতৰাবলৈ সংশ্লিষ্ট বিভাগৰ লগতে গোলাঘাট জিলা প্ৰশাসনক আহ্বান জনাইছে সচেতন জনতাই।

Leave A Reply