ওদালগুৰি জিলাৰ খৈৰাবাৰী আৰু ভেৰগাওঁ সমীপৰ মালমূৰাত অৱস্থিত ঐতিহাসিক শ্ৰীশ্ৰী ফুলগুৰি,শ্ৰীশ্ৰী বুঢ়া গোঁসাই আৰু শ্ৰীশ্ৰী জগন্নাথ দেৱালয়ে ৫১২ বছৰ পুৰ্ণ উপলক্ষে অতি উলহ মালহেৰ চাৰিদিনীয়াকৈ বৰ্ণাঢ্যভাৱে উৎসৱটি সফলভাৱে শণিবাৰে সম্পন্ন হয় ৷ ১০ ডিচেম্বৰৰ পুৱাৰে পৰা মন্দিৰত পুজা অৰ্চনা,ওজাপালি, বাথৌ আৰচ,হোম যজ্ঞ,নাগাৰা নাম,খৈৰাবাৰী আঞ্চলিক খুংখা হাৰিমু আফাতৰ খেৰাই নৃত্য প্ৰদৰ্শন ৷
বিয়লি তিনি দেৱালয়ৰ বিশেষ স্মৃতি গ্ৰন্থ “আৰিয়া’’ উন্মোচন কৰে সমাজকৰ্মী তথা ক্ষুদ্ৰ চাহ খেতিয়ক জৌশ্ৰাং বড়োই ৷কেন্দ্ৰীয় দেৱালয় পৰিচালনা সমিতিৰ সভাপতি বিষ্টিৰাম বড়োৰ সঞ্চানলাত অনুষ্ঠিত গ্ৰন্থ উন্মোচনী সভাত ইউ পি পি এলৰ কেন্দ্ৰীয় সমিতিৰ মুখপাত্ৰ বাবুল বসুমতাৰী, বড়োলেণ্ড ক্ষুদ্ৰ চাহ খেতিয়ক সন্থাৰ ডিমাকুছি মণ্ডলৰ সম্পাদক তৰুন মুছাহাৰী,অৱসৰী প্ৰধান শিক্ষক যতীন্দ্ৰ নাথ বসুমতাৰী,গোপচাছুবা ভিচিডিচিৰ উপাধ্যক্ষ নাৰায়ন দাস,দুৰ্গাধৰ বড়োআদি উপস্থিত থাকে ৷
সন্ধিয়া বিটিচিৰ কাৰ্যবাহী সদস্য ৰনেন্দ্ৰ নিৰ্জাৰীয়ে উদ্বোধন কৰি দিয়া সাংস্কৃতিক অনুষ্ঠানেৰে চাৰিদিনীয়া ৫১২ সংখ্যক বৰ পুজা সম্পন্ন হয় ৷
দ্বীপেন ডেকা