থানেশ্বৰ মালাকাৰৰ জীৱন আৰু কৃতি বিষয়ক গ্ৰন্থ “মানুহক ভালপোৱা মানুহজন” উন্মোচন

গুৱাহাটী: থানেশ্বৰ মালাকাৰ যলৈকে গৈছে তাতেই মানুহৰ আদৰ পাইছে ৷ মানুহৰ মনৰ মানুহ হৈ পৰিছে তেওঁ ৷ বিশিষ্ট মানৱতাবাদী লেখক তথা ভাৰতীয় প্ৰশাসনীয় সেৱাৰ এগৰাকী অৱসৰপ্ৰাপ্ত বিষয়া থানেশ্বৰ মালাকাৰৰ জীৱন আৰু কৃতি বিষয়ক “মানুহক ভালপোৱা মানুহজন”শীৰ্ষক গ্ৰন্থখনি উন্মোচন কৰি বিশিষ্ট শিক্ষাবিদ, প্ৰাক্তন উপাচাৰ্য ড° অমৰজ্যোতি চৌধুৰীয়ে এনেদৰে কয় ৷ শিক্ষাবিদ গৰাকীয়ে পুনৰ কয় যে গ্ৰন্থখনিক প্ৰকাশিত সমাজৰ অতিকে সাধাৰণ লোকসকলৰ অকৃত্ৰিম লেখাসমুহে তেখেতক বিশেষভাবে আকৰ্ষণ কৰিছে তেখেতে ভাষণ প্ৰসঙ্গত থানেশ্বৰ মালাকাৰৰ ব্যক্তিত্বক ফুটবল খেলুৱৈ মেচিৰ স’তেও তুলনা কৰে ৷ সভাত সন্মানীয় অতিথি হিচাপে অংশগ্ৰহণ কৰি বিশিষ্ট নিৱন্ধকাৰ ময়ূৰ বৰাই মালাকাৰক ’মনৰ হাকিম’ বুলি অভিহিত কৰাৰ লগে সভা পৰিচালনাৰ ক্ষেত্ৰত তেখেতৰ কৌশল আৰু মহাপুৰুষ গুৰুসকলৰ প্ৰতি থকা আন্তৰিক শ্ৰদ্ধাই তেখেতৰ ব্যক্তিত্বক সৌম্য কৰি তুলিছে বুলি মত পোষণ কৰে ৷ প্ৰবীন সাংবাদিক হাইদৰ হুছেইন দেৱে বৰ্তমান সময়ত মানুহক ভালপোৱা মানুহৰ অভাৱ হৈছে বুলি কৈ মালাকাৰৰ দৰে লোকসকলে সমাজখনৰ এই অভাৱ বৰ্তমান সময়ত পুৰণ কৰি ৰখিছে বুলি কয় ৷ আৰু ৷

উল্লেখযোগ্য যে গুৱাহাটীৰ মাছখোৱা সাংস্কৃতিক প্ৰকল্পৰ প্ৰেক্ষাগৃহত নিকুমণি হুছেইন আৰু বিজয় শঙ্কৰ শৰ্মাৰ দ্বাৰা সম্পাদিত গ্ৰন্থখনি উন্মোচনী সভাখনত সভাপতিত্ব কৰে শিক্ষাবিদ দয়ানন্দ পাঠকে ৷ প্ৰসন্ন কুমাৰ দাসে বন্তিপ্ৰজ্বলন কৰা সভাখনি উদ্বোধন কৰি বিশিষ্ট লেখক তবিউল হুছেইনে মালাকাৰদেৱৰ মানৱতাবাদী আৰু মানুহক মৰ্যাদা দিয়া চৰিত্ৰৰ বিষয়ে অৱলোকন কৰে ৷ সভাত অসমৰ অৱসৰপ্ৰাপ্ত অতিৰিক্ত মুখ্য সচিব ভি বি প্যাৰেলালে কোকৰাঝাৰৰ গোষ্ঠীগট সংঘৰ্ষৰ সময়ত মালাকৰে উপয়ুক্ত হিচপে সংঘৰ্ষ নিৰাময়ৰ ক্ষেত্ৰত লোৱা বিশেষ ভুমিকাৰ কথা উল্লেখ কৰে ৷ সভাৰ আৰম্ভণিতে সম্পাদক বিজয় শঙ্কৰ শৰ্মা আৰু মুখ্য সম্পাদক নিকুমণি হুছেইনে গ্ৰন্থখনি প্ৰকাশৰ আৰৰ কথা ব্যক্ত কৰে ৷ নিজৰ ভাষনৰ থানেশ্বৰ মালাকাৰে গ্ৰন্থখনি তেওঁৰ বাবে প্ৰেৰণাৰ উৎস আৰু আৰ্শীবাদ বুলি কৈ গ্ৰন্থখনি অভিনন্দন গ্ৰন্থখনি প্ৰকাশৰ প্ৰয়াস কৰিছিল যদিও তেখেতে সন্মতি জনোৱা নাছিল বুলি কয় ৷ শিক্ষাবিদদ্বয় অক্ষয় কুমাৰ মিশ্ৰ আৰু মুনীন্দ্ৰ নাৰায়ণ গোস্বামীয়ে বিশিষ্ট অতিথি হিচাপে অংশগ্ৰহণ কৰি মালাকাৰৰ ব্যক্তিত্বৰ আকৰ্ষণীয় দিশসমূহৰ বিষয়ে অৱলোকন কৰাৰ লগতে গ্ৰন্থখনিৰ উদ্যোক্তা সকলৰ শলাগ লয় ৷ গাম্ভীৰ্যপূৰ্ণ সভাখনত ডা° অঞ্জনজ্যেতি চৌধুৰী আৰু ডা° গাৰ্গী মালাকাৰে দুটি গীত পৰিবেশন কৰে ৷

মোহন চন্দ্ৰ মালাকাৰ, কৃষ্ণ ৰয় , গোপাল জালান , সূৰ্য্য হাজৰিকাকে ধৰি বহুকেইগৰাকী স্বনামধন্য ব্যক্তি উপস্থিত থকা সভাত শলাগৰ শৰাই আগবঢ়াই মনহৰি বায়নে ৷ উল্লেখযোগ্য যে অসমৰ তিনিখনকৈ গুৰুত্বপুৰ্ণ জিলা ওদালগুৰি , কোকোৰাঝাৰ আৰু বৰপেটা জিলাৰ উপায়ুক্ত হিচাবে এসময়ত কৰ্মকুশলতাৰে দায়িত্ব সম্পাদন কৰা আৰু অসম চৰকাৰৰ আয়ুক্ত সচিব হিচাপে অৱসৰ গ্ৰহণ কৰা আসমীয়া সাহিত্যৰ এগৰাকী মানৱতাবাদী লেখক থানেশ্বৰ মালাকাৰৰ জীন আৰু কৰ্মৰ বিষয়ে মহিম বৰা , হোমেন বৰগোহাঞি ,ড° লক্ষ্মীনন্দন বৰা , ড° বীৰেন্দ্ৰ নাথ দত্ত , ড° নগেন শইকীয়া, সত্ৰাধিকাৰ বশিষ্ঠ দেৱশৰ্মাকে ধৰি বৰ্তমান অসম আৰক্ষীৰ সঞ্চালক প্ৰধান ভাস্কৰজ্যোতি মহন্তলৈকে বহুসংখ্যক প্ৰসিদ্ধ আৰু স্বনামধন্য লেখকৰ লেখা সন্নিৱিষ্ট আৰু বিজয় শঙ্কৰ শৰ্মাৰ দ্বাৰা সম্পাদিত ৫২০ পৃষ্ঠাৰ গ্ৰন্থখনি প্ৰকাশ কৰিছে পাণবজাৰৰ সূৰ্য্য প্ৰকাশে ৷

Related Articles