Breaking

গোলকগঞ্জত নিষিদ্ধ ব্ৰয়লাৰ কঢ়িওৱা বাহন সহআটক তিনিজনক আটক…

0 35

গোলকগঞ্জৰ আগমনি আৰক্ষীয়ে সন্ধিয়া অভিযান পশ্চিমবংগৰ পৰা আমদানি কৰা নিষিদ্ধ ব্ৰয়লাৰ কঢ়িওৱা বাহন সহ তিনিজনক আটক কৰে। আটকাধীন ক্ৰমে গোলকগঞ্জ থানাৰ দীঘলটাৰী গাঁৱৰ এক্ৰামূল হুছেইন, ছফিকুল ইছলাম আৰু এমদাদুল হুছেইন।

ৰাজ্য চৰকাৰে বহি ৰাজ্যৰ ব্ৰয়লাৰৰ আমদানিত নিষেধাজ্ঞা জাৰি কৰা সত্বেও প্ৰতিনিয়ত আমদানি হয় ব্ৰয়লাৰ। আৰক্ষী পশুপালন বিভাগক মেনেজ কৰি অসাধু চক্ৰ‌ই নিশা পিক‌আপ ভেনেৰে অসমত আমদানি কৰে ব্ৰয়লাৰ। আজি হটাতে আগমনি আৰক্ষীয়ে থানাৰ সন্মূখৰ ১৭ নং ৰাষ্ট্ৰীয় ঘাইপথত ব্ৰয়লাৰ কঢ়িওৱা পিক্‌আপ ভেন এখন আটক কৰে।

বাহন খনৰ নম্বৰ WB 63A 1211। বাহন খনৰ কোনো নথি পত্ৰ নথকাৰ লগতে ব্ৰয়লাৰবোৰৰো নাই কোনো নথি পত্ৰ। পশ্চিমবংগৰ পৰা সন্দেহজনক বাহন খনেৰে অবৈধ ভাবে ধুবুৰীৰ ছিৰাজুলৰ তাত ব্ৰয়লাৰবোৰ প্ৰেৰণ কৰা বুলি আৰক্ষীয়ে সন্দেহ প্ৰকাশ কৰিছে।

Leave A Reply