Breaking

টিহুৰ হাৰিভাঙ্গা কামাখ্যাধামত দুদিনীয়াকৈ কালী পূজা উদযাপন

0 96

টিহুৰ হাৰিভাঙাৰ কামাখ্যাধামত দুদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে উদযাপন কৰা হৈছে দ্বাদশ বাৰ্ষিক শ্ৰী শ্ৰী কালী পূজা। ১৮ আৰু ১৯ মাৰ্চত দুদিনীয়া কাৰ্যসূচীৰে সম্পূৰ্ণ আধ্যাত্মিক নীতি নিয়মৰ মাজেৰে অনুষ্ঠিত হৈছে শ্ৰী শ্ৰী কালী পূজা।

ভক্তৰ মনৰ কামনা পুৰণাৰ্থে কালী পুজাখনত আগবঢ়োৱা ছাগলী, পাৰ চৰাই, হাঁহ আৰু কোমোৰা বলি আৰু উছৰ্গা কৰা হয়। অঞ্চলটোৰ বিভিন্ন অপায় অমংগল দূৰ কৰাৰ বাবে চুবুৰীটোৰ ৰাইজে বিগত ১১টা বছৰে ৰাইজৰ মংগলাৰ্থে অনুষ্ঠিত কৰি আহিছে শ্ৰী শ্ৰী কালী পূজা।

দুদিনীয়া পূজাভাগত বিভিন্ন ধৰ্মীয় কাৰ্যসূচীৰ লগতে অঞ্চলটোৰ ছাত্ৰ ছাত্ৰীৰ প্ৰতিভা বিকাশৰ বাবে বিভিন্ন প্ৰতিযোগিতাও অনুষ্ঠিত কৰা হৈছে। শনিবাৰে কালি পূজা খন উদ্বোধন কৰে সচেতন নাগৰিক মঞ্চ, অসমৰ সভাপতি চন্দন কুমাৰ ভট্টাচাৰ্যই।

উদযাপন সমিতিৰ সভাপতি জ্যোতিষ শৰ্মাৰ সভাপতিত্বত অনুষ্ঠিত উদ্বোধনী সভাত ৰাষ্ট্ৰবাদী বক্তা সুৰঞ্জন দত্ত, অসম চৰকাৰৰ বন আৰু পৰিৱেশ মন্ত্ৰালয়ৰ ব্ৰেণ্ড এম্বেচাদৰ আনন্দ খাটনিয়াৰ, টিহু পৌৰ সভাৰ পৌৰপতি হিমানী মজুমদাৰ, জলখানা ভঠুৱাখানা গাঁও পঞ্চায়তৰ সভানেত্ৰী মীৰা দেৱী, অবসৰী শিক্ষক নলিনী কান্ত শৰ্মা, সমাজকৰ্মী ৰাজীৱ দত্ত আদি কেইবাজনো বিশিষ্ট লোকে অংশ লয়। দেওবাৰে সামৰণি পৰিব উক্ত কালি পূজা মহোৎসৱৰ।

Leave A Reply

Your email address will not be published.