Breaking

মানাহ ৰাষ্ট্ৰীয় উদ্যানত বৃদ্ধি পাইছে পৰ্যটকৰ আগমন…

0 94

বিশ্ব ঐতিহ্যক্ষেত্ৰ মানাহ ৰাষ্ট্ৰীয় উদ্যানত বৃদ্ধি পাইছে পৰ্যটকৰ আগমন ৷ সমান্তৰালভাৱে ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষই লাভ কৰা ৰাজহৰ পৰিমাণো বিগত পৰ্যটন বৰ্ষৰ তুলনাত বৃদ্ধি পাইছে ৷

এই তথ্য সদৰি কৰিছে মানাহ ব্যাঘ্ৰ প্ৰকল্পৰ ক্ষেত্ৰ সঞ্চালক বৈভৱ চি মাথুৰ আৰু বাঁহবাৰী বন সংমণ্ডল বিষয়া অভিনৱ বৰুৱাই৷ উল্লেখযোগ্য যে ২০২১-২২ পৰ্যটন বৰ্ষৰ এপ্ৰিলৰ পৰা ডিচেম্বৰলৈকে ২৮,৫৭১ গৰাকী পৰ্যটকৰ বিপৰীতে ৰাজহ সংগ্ৰহ হৈছিল ৬৫ লাখ ৮৬ হাজাৰ টকা৷

কিন্তু ২০২২-২৩ পৰ্যটন বৰ্ষত এপ্ৰিলৰ পৰা ডিচেম্বৰলৈকে ৩০,৭২৫ গৰাকী পৰ্যটকৰ বিপৰীতে ৰাজহ সংগ্ৰহ হৈছে ৭৯ লাখ ৮০ হাজাৰ টকা ৷ আনহাতে ২০২২ বৰ্ষৰ অকল ডিচেম্বৰ মাহতে ১১,৮২২ গৰাকী পৰ্যটকৰ বিপৰীতে সংগ্ৰহ হৈছে ২৭ লাখ টকাৰ ৰাজহ৷

অহা তিনিমাহত ৰাষ্ট্ৰীয় উদ্যানখনলৈ পৰ্যটকৰ সংখ্যাৰ লগতে ৰাজহৰ পৰিমাণো বৃদ্ধি পাব বুলি আশা কৰা হৈছে৷ ইফালে কভিডকালীন পৰিস্থিতিৰ বাবে পূৰ্বৰ পৰ্যটন বৰ্ষত ৰাষ্ট্ৰীয় উদ্যানখনলৈ মাত্ৰ ১৪ গৰাকীহে বিদেশী পৰ্যটক আহিছিল যদিও চলিত পৰ্যটন বৰ্ষত এতিয়ালৈকে ৪১০ গৰাকী বিদেশী পৰ্যটকে মানাহত পৰ্যটন কৰিছে ৷

Leave A Reply

Your email address will not be published.