Breaking

হিমন্ত বিশ্ব শৰ্মা মুখ্যমন্ত্ৰী হৈ থকালৈকে ছয় জনগোষ্ঠীৰ জনজাতিকৰণ নহয়ঃ ৰকিবুল হুছেইন

22

বালাপাৰা ৰাজহুৱা খেলপথাৰত অনুষ্ঠিত এখন সভাত সাংসদ ৰকিবুল হুছেইনে কয় যে ড° হিমন্ত বিশ্ব শৰ্মা মুখ্যমন্ত্ৰী থকালৈ ছয় জনগোষ্ঠীৰ জনজাতীকৰণ নকৰে৷ বিভিন্ন চল চাতুৰিৰে ইফাল-সিফাল কৰি থাকিব৷ কাৰণ ছয় জনগোষ্ঠীক জনজাতিকৰণ কৰিলে পুৰ্বৰ জনজাতি আৰু এতিয়াৰ জনজাতিক লৈ ৫১ শতাংশতকৈ অধিক লোক জনজাতি হ’ব৷ তাৰ পিছতে তেওঁৰ মুখ্যমন্ত্ৰীৰ পদ যাব।( tribalisation of six communities)

দৈনন্দিন বাৰ্তাৰ ডিজিটেল সেৱা, যোগীঘোপাঃ ‘‘অসমত সকলো জাতি-জনগোষ্ঠীয়ে মিলা প্ৰীতিৰ মাজেৰে শান্তিত থকাটো নিবিচাৰে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই৷ জাতি- জনগোষ্ঠীৰ মাজত থকা সম্প্ৰীতি বিনষ্ট হোৱাটো বিচাৰে মুখ্যমন্ত্ৰী গৰাকীয়ে৷’’ যোগীঘোপাৰ বালাপাৰাত বঞ্জইটামাৰী ব্লক কংগ্ৰেছৰ উদ্যোগত অনুষ্ঠিত এক আদৰণি সভাত অংশগ্ৰহণ কৰি এই মন্তব্য কৰে ধুবুৰী লোকসভা সমষ্টিৰ সাংসদ ৰকিবুল হুছেইনে৷(tribalisation of six communities)

বালাপাৰা ৰাজহুৱা খেলপথাৰত অনুষ্ঠিত এই সভাত সাংসদ ৰকিবুল হুছেইনে লগতে কয় যে, ড° হিমন্ত বিশ্ব শৰ্মা মুখ্যমন্ত্ৰী থকালৈ ছয় জনগোষ্ঠীৰ জনজাতীকৰণ নকৰে৷ বিভিন্ন চল চাতুৰিৰে ইফাল-সিফাল কৰি থাকিব৷ কাৰণ ছয় জনগোষ্ঠীক জনজাতিকৰণ কৰিলে পুৰ্বৰ জনজাতি আৰু এতিয়াৰ জনজাতিক লৈ ৫১ শতাংশতকৈ অধিক লোক জনজাতি হ’ব৷ তাৰ পিছতে তেওঁৰ মুখ্যমন্ত্ৰীৰ পদ যাব৷ গতিকে সেয়া তেও কেতিয়াও নকৰে বুলি সাংসদ গৰাকীয়ে মন্তব্য কৰে ৷ ট্ৰেডিং ব্যৱসায়ৰ সৈতে জড়িত চুমি বৰাক আৰক্ষীয়ে বিচাৰি নোপোৱা প্ৰসংগত ৰকিবুল হুছেইনে কয় যে, মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা এইক্ষেত্ৰত ব্যৰ্থ হৈছে৷ (rakibul hussain)

আজি অমমত ইমান অপকৰ্ম হৈ আছে তাৰ বাবে গৃহমন্ত্ৰীৰ দায়িত্বত থকা মুখ্যমন্ত্ৰী গৰাকী দায়ী৷ মুখ্যমন্ত্ৰীয়ে আইন শৃংখলা পৰিস্থিতি ভালকৈ চলাব পৰা নাই বুলি উল্লেখ কৰে সাংসদ ৰকিবুল হুছেইনে৷ ইপিনে আমছুৰ উত্তৰ শালমাৰা জিলা সমিতিয়ে গৰাখহনীয়া, যোগীঘোপাত নিৰ্মাণ হৈ থকা লজিষ্টিক পাৰ্কৰ কামত দুৰ্নীতি, ঔডুবীৰ চম্পাৱতী নৈৰ ওপৰত দলং নিৰ্মাণ, হকোডোবাত এখন ষ্টৈডিয়াম নিৰ্মাণ কৰা আদি বিভিন্ন দাবী সম্বলিত এখন স্মাৰক পত্ৰ জিলা সমিতিৰ সভাপতি ইনামুল হকৰ নেতৃত্বত এটা সজাতি দলে সাংসদ গৰাকীক সাক্ষাৎ কৰি প্ৰদান কৰে৷ আনহাতে যোগীঘোপা প্ৰেছ ক্লাবৰ তৰফৰ পৰা প্ৰেছ ক্লাবৰ গৃহ নিৰ্মাণৰ বাবে পুঁজিৰ আবণ্টন বিচাৰি সাংসদ গৰাকীক সাক্ষাৎ কৰি আবেদন দাখিল কৰে৷

Comments are closed.