মগজু হৈছে শৰীৰৰ আটাইতকৈ গুৰুত্বপূৰ্ণ অংশ। এনে পৰিস্থিতিত মগজু সুস্থ হৈ থকাটো অতি প্ৰয়োজনীয়। ইয়াৰ বাবে আপুনি এই ৫ টা মাছ আপোনাৰ খাদ্য তালিকাত অন্তৰ্ভুক্ত কৰিব পাৰে। বিজ্ঞানীসকলে কয় যে মাছ আপোনাৰ খাদ্য তালিকাত অন্তৰ্ভুক্ত কৰিব পৰা এক উত্তম খাদ্য, বিশেষকৈ চৰ্বিযুক্ত মাছ। এই মাছবোৰত প্ৰচুৰ পৰিমাণে ওমেগা-৩ ফেটি এচিড থাকে, যিয়ে মগজুৰ কাম-কাজত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। মগজু ভালে ৰাখিবলৈ আপোনাৰ খাদ্য তালিকাত অন্তৰ্ভুক্ত কৰক এই সমূহ মাছঃ
মাগুৰ মাছঃ
মাগুৰ মাছত ওমেগা-৩ ইপিএ আৰু ডিএইচএ বেছি থাকে। ১০০ গ্ৰাম মাগুৰ মাছত ৮৯৮ ইপিএ আৰু ১৪০০ ডিএইচএ থাকে। ইয়াৰ ফলত মগজুৰ সকলো অংশই নিজৰ কাৰ্য্য সম্পাদন কৰাত সহায় লাভ কৰে।
চালমন
ছালমনত ওমেগা-৩ ফেটি এচিডৰ লগতে ভিটামিন ডি, ভিটামিন ই আৰু কেইবাটাও বি ভিটামিনৰ উত্তম উৎস। এইখিনি খালে মগজুৱে সঠিকভাৱে কাম কৰাত সহায় কৰে।
চাৰ্ডিন
চাৰ্ডিন হৈছে সৰু মাছ য’ত ওমেগা-৩ ফেটি এচিডৰ পৰিমাণ বেছি। চাৰ্ডিনত প্ৰচুৰ পৰিমাণে এন্টি-ইনফ্লেমেটৰী, কেলচিয়াম, পটাছিয়াম, মেগনেছিয়াম আৰু জিংক থাকে যাৰ বাবে ই মগজুৰ লগতে হৃদযন্ত্ৰৰ বাবেও উপকাৰী।
টুনা
টুনা আন এক জনপ্ৰিয় মাছ যিয়ে ওমেগা-৩ ফেটি এচিডৰ ভাল উৎস। কিন্তু মন কৰিবলগীয়া যে কিছুমান প্ৰকাৰৰ টুনাত পাৰাৰ পৰিমাণ বেছি হ’ব পাৰে।
বিজ্ঞানীসকলে সপ্তাহত কমেও দুবাৰকৈ চৰ্বিযুক্ত মাছ খোৱাৰ পৰামৰ্শ দিছে।