কৃত্ৰিম বুদ্ধিমত্তাৰ দ্ৰুত আগ্ৰাসনেও স্থান ল’ব নোৱাৰিব এইকেইটা বৃত্তিৰ — বিল গেটছৰ দৃষ্টিভংগী । Bill Gates’ vision

Bill Gates’ vision । বিশ্বজুৰি কৃত্ৰিম বুদ্ধিমত্তাৰ (AI) বিকাশে বহু চাকৰিৰ ওপৰত প্ৰভাৱ পেলাব বুলি সকীয়াই দিয়া হৈছে। তথাপিও মাইক্ৰ’ছফ্টৰ সহ-প্ৰতিষ্ঠাপক বিল গেটছে স্পষ্টকৈ কৈছে, কিছুমান বিশেষ বৃত্তিত মানুহৰ ভূমিকা অপৰিহাৰ্য হৈ থাকিব। তেওঁৰ মতে, ক’ডাৰ, শক্তি বিশেষজ্ঞ আৰু জীৱবিজ্ঞানীসকল — এই তিনি বৃত্তিৰ ক্ষেত্ৰত AI এতিয়াও প্ৰতিস্থাপক হ’ব নোৱাৰে।

২০২২ চনত OpenAI এ ChatGPT মুকলি কৰাৰ পিছৰ পৰাই AI সৃষ্টিৰ এক নব যুগ আৰম্ভ হয়। Gemini, Copilot, DeepSeek আদি চেটবটসমূহ বৰ্তমানে বহুত পেছাত সহায়কাৰী ৰূপে কাম কৰি আছে। ফলস্বৰূপে, বহু পেছাদাৰী AI দ্বাৰা স্থানচ্যুত হোৱাৰ আশংকাত ভুগিছে। তথাপিও বিল গেটছে AI ৰ সম্ভাৱনাক স্বীকাৰ কৰি এই প্ৰযুক্তি মানুহৰ সহায়ক হিচাপে কাম কৰিব বুলি বিশ্বাস প্ৰকাশ কৰিছে।

১. ক’ডাৰ: AI নিৰ্মাতাৰ চাকৰি AI এ নিজেই ল’ব নোৱাৰে
যদিও AI এতিয়া স্বয়ংক্ৰিয়ভাৱে কোড লিখিব পাৰে, তথাপিও জটিল ছফ্টৱেৰ সৃষ্টি, ডিবাগিং, আৰু পৰিৱৰ্তন অনুকূল কৰাত AI ৰ সীমাবদ্ধতা আছে। গেটছে বিশ্বাস কৰে যে, AI ৰ বিকাশ আৰু পৰিপক্কতাৰ বাবে দক্ষ ক’ডাৰসকলৰ প্ৰয়োজন সদায় থাকিব। AI নিজে AI বিকাশ কৰিব পাৰি, এই বিশ্বাস এতিয়াও কল্পনাৰ পৰিসৰতেই সীমাবদ্ধ।

২. শক্তি বিশেষজ্ঞ: জটিলতা বুজিবলৈ এতিয়াও মানুহৰ প্ৰয়োজন
বিল গেটছে কয়, শক্তি খণ্ডটো এক জটিল ব্যৱস্থা। ইয়াত সংকট পৰিস্থিতি, শক্তি ব্যৱস্থাপনা, পুনঃনৱীকৰণযোগ্য শক্তিৰ কৌশল আদি ব্যৱহাৰিক সিদ্ধান্ত ল’বলৈ AI একমাত্ৰ সমাধান নহয়। বিশেষকৈ, নীতিগত আৰু পৰিবেশগত দিশসমূহ বিবেচনা কৰি নিৰ্ণয় ল’বলৈ মানুহৰ অন্তর্দৃষ্টি প্ৰয়োজন। AI কেৱল সহায়কাৰী হিচাপে বিশ্লেষণ প্ৰদান কৰিব পাৰে।

৩. জীৱবিজ্ঞানী: সৃষ্টিশীলতা আৰু বৈজ্ঞানিক অন্তৰ্দৃষ্টিত AI ৰ অভাৱ
AI ৰ সহায়ত ডিএনএ বিশ্লেষণ, ৰোগ নিৰ্ণয় আদি সহজ হৈছে। কিন্তু বৈজ্ঞানিক আৱিষ্কাৰ আৰু গৱেষণাৰ ক্ষেত্ৰত AI ত সৃষ্টিশীলতা আৰু নতুন চিন্তা কৰাৰ ক্ষমতা নাই। গেটছে কয়, জীৱবিজ্ঞানত ভৱিষ্যৎ গৱেষণাৰ বাবে জীৱবিজ্ঞানীসকলৰ চিন্তা, পৰীক্ষা আৰু মানবিক উপলব্ধি অপৰিহাৰ্য হ’ব।

Related Articles