Breaking

গোগামুখত মিঞাক আঁঠু কঢ়ালে  লাচিত সেনাই,গোগামুখ আৰক্ষীয়ে আটক কৰিলে লাচিত সেনাৰ সভাপতি-সম্পাদকক  

0 17

 

ক্ৰমান্বয়ে সমগ্ৰ অসমলৈ বিয়পি পৰিছে অসমৰ থলগিৰি জাতীয় দল-সগঠনৰ মিঞা খেদা আন্দোলন ৷ ধেমাজি জিলাৰ গোগামুখতো মিঞা খেদা আন্দোলনে তীব্ৰ ৰূপ ধাৰণ কৰিছে ৷

কালি নিশা বীৰ লাচিত সেনাৰ একাংশ সদস্যই গোগামুখৰ দুগৰাকী মিঞা ব্যৱসায়িক বিভিন্ন অপকৰ্মত লিপ্ত থকাৰ অভিযোগত ৰাজহুৱা স্থানত আঁঠু কঢ়াই উঠ-বহ কৰাই শাস্তি প্ৰদান কৰে ৷ ঘটনাৰ বিৱৰণি অনুসৰি কালি নিশা লাচিত সেনাৰ একাংশ সদস্যই গ্ৰাহক ৰাইজৰ অভিযোগৰ ভিত্তিত  দুগৰাকী মিঞা ব্যৱসায়িৰ দোকানত গৈ তেওঁলোকৰ ব্যৱসায় সম্পৰ্কত বিভিন্ন প্ৰশ্নৰ অৱতাৰণা কৰে ৷

তেনে সময়তে মিঞা ব্যৱসায়ি দুজনে বীৰ লাচিত সেনাৰ সদস্যসকলক  অভদ্ৰ আচৰণ কৰে ৷ ব্যৱসায়ি দুজনৰ এনে অভদ্ৰ ব্যৱহাৰত অগ্নিশৰ্মা হৈ মিঞা ব্যৱসায়ি দুজনক ৰাজহুৱা স্থানত আঁঠু কঢ়াই উঠ-বহ কৰাই তেনে আচৰণ নকৰি3বলৈ সতৰ্ক কৰি দি উভতি যায় ৷

লাচিত সেনাৰ দ্বাৰা অপদস্থ হৈ মিঞা ব্যবসায়ি দুজনে গোগামুখ আৰক্ষী থানাৰ ওচৰ চাপে ৷ মিঞা ব্যৱসায়ি দুুুজনৰ অভিযোগৰ ভিত্তিত গোগামুখ আৰক্ষীয়ে মাজনিশা অভিযান চলাই বীৰ লাচিত সেনাৰ গোগামুুুখ আঞ্চলিকৰ সভাপতি আৰু সম্পাদকক আটzক কৰে ৷

এই বাতৰি যুগুত কৰা পৰলৈকে গোগামুখ আৰক্ষীয় লাচিত সেনাৰ সভাপতি আৰু সম্পাদকক থানাতে আবদ্ধ কৰি ৰাখিছে আৰু অনুসন্ধান অব্যাহত ৰাখিছে ৷ গোগামুখবাসী ৰাইজে বীৰ লাচিত সেনাৰ সভাপতি আৰু সম্পাদকক বিনা চৰ্তত শীঘ্ৰে মুকলি কৰি দিবলৈ দাবী জনাইছে ৷

Leave A Reply

Your email address will not be published.