ইউৰিক এচিড বেছি হ’লে শৰীৰত দেখা দিয়ে এই সমূহ লক্ষণ…

বৰ্তমান সময়ত ইউৰিক এচিড অতি সাধাৰণ ৰোগত পৰিণত হৈছে। আজি আমি আপোনালোকক ক’ম যে ইউৰিক এচিড বৃদ্ধি হ’লে আপোনাৰ শৰীৰে কি ইংগিত দিয়ে? এই ৰোগৰ ফলত আপোনা শৰীৰৰ বহু ধৰণৰ ক্ষতি হ’ব পাৰে। ইউৰিক এচিড বৃদ্ধি পালে শৰীৰত এই লক্ষণসমূহে দেখা যায় –

গাঁঠি ফুলা-
যদি আপোনাৰ উচ্চ ইউৰিক এচিডৰ সমস্যা আছে, তেন্তে গাঁঠিৰ বিষৰ লগতে ফুলাৰ সমস্যাও দেখা দিব। গতিকে আপোনাৰো যদি এই ধৰণৰ সমস্যা আছে তেন্তে এই ৰোগক আওকাণ নকৰিব।


সঘনাই প্ৰস্ৰাৱ কৰা-
উচ্চ ইউৰিক এচিডৰ সমস্যাৰ বাবে আপুনি সঘনাই প্ৰস্ৰাৱ কৰিব পাৰে। ইউৰিক এচিড বৃদ্ধিৰ বাবে এনে হ’ব পাৰে। কেৱল এয়াই নহয় যদি আপোনাৰ ইউৰিক এচিড বৃদ্ধি পায়, তেন্তে আপোনাৰ প্ৰস্ৰাৱৰ ৰং সলনি হয় আৰু প্ৰস্ৰাৱত তেজও দেখা দিব পাৰে।


মূৰ ঘুৰণি-
ইউৰিক এচিড বেছি হোৱাৰ বাবে মূৰ ঘূৰোৱা আৰু বমিৰ দৰে অনুভৱ হ’ব পাৰে। বেছিভাগ মানুহেই ইয়াক সাধাৰণ বুলি ভাবি আওকাণ কৰে। গতিকে এনে ভুল নকৰিব।


পেটৰ তলৰ অংশত বিষ-
ইউৰিক এচিড বেছি হ’লে পেটৰ তলৰ অংশত বিষ হ’ব পাৰে। গতিকে যদি আপুনিও এনে সমস্যাৰ সন্মুখীন হৈছে তেন্তে ইয়াক আওকাণ নকৰিব।

Related Articles