Breaking

মানুহ মাৰি কৰিছিল পাৰ্টীৰ আয়োজন! অনুসন্ধানত নামি পৰিল IGP, SP উচ্চ আৰক্ষী বিষয়া সকল…

0 270

মানৱ নে দানৱ? ইমান নিষ্ঠুৰ কেনেকৈ হ’ব পাৰে মানুহ?উদণ্ড বাইক চালকৰ শিহৰিত কাণ্ড!যোৱা শনিবাৰে বিলাসীপাৰাত এক বাইক দুৰ্ঘটনা সংগঠিত হয় । উদণ্ড বাইক চালক এজনে মহিলা এগৰাকীক বাইকেৰে খুন্দিয়ায়৷

ঘটনাৰ পাছত বিলাসীপাৰা থানাৰ আৰক্ষীয়ে ঘটনাস্থলীত উপস্থিত হৈ বাইকৰ চালকক থানালৈ লৈ আহে আৰু আহত মহিলা গৰাকী বিলাসীপাৰা চিকিৎসালয়ত ভৰ্তি কৰায় । যিহেতু বাইক চালক জনো আহত হৈছিল সেয়ে আৰক্ষীয়ে চিকিৎসাৰ বাবে বাইকাৰ গৰাকীক নিজৰ মোমায়েকৰ জিম্মাত যাবলৈ দিয়ে । ইমানলৈ ঠিকেই আছিল । দুৰ্ভাগ্যবশতঃ মহিলাগৰাকীয়ে পিছত মৃত্যুক সাৱটি ল’ব লগা হয়। আনফালে বাইকৰ চালক আৰু তেওঁৰ বন্ধুহতে থানাৰ পৰা ওলোৱাৰ ফুৰ্তিত পাৰ্টি দিয়ে।

পাৰ্টিৰ এটা ভিডিও ছছিয়েল মিডিয়াত আপলোড কৰে। ভিডিওটোত কোৱা ধৰণে মানুহ এজনক মাৰি পেলোৱাৰ পিছতো ১০ মিনিট পিছতে থানাৰ পৰা ওলাই আহিল। পাৱাৰ চাওক বুলিও উল্লেখ কৰে । ছছিয়েল মিডিয়াত আপলোড দিয়া ভিডিওটো চাই স্তম্ভিত হৈ পৰিছে সচেতন নাগৰিক ৷ সকলোৱে একে মুখে ধিক্কাৰ জনাই এনে কাণ্ডক। ছছিয়েল মিডিয়াত ভিডিঅ’ আপলোড দিয়া যুৱক কেইজনক আৰক্ষীক গ্ৰেপ্তাৰৰ দাবী জনায় ধুবুৰী জিলা ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে।

ইয়াৰ পিছতেই যুৱক কেইজন অৰ্থাৎ গেং অব ডেভিলছৰ অনুসন্ধানত নামি পৰিল IGP, SP উচ্চ আৰক্ষী বিষয়া সকল
বিলাসীপাৰাৰ গেং অব ডেভিলছৰ নৰ পিশাচ কেইটা আজিও নহ’ল আটক৷

গেংটোৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান অব্যাহত৷ আজি লৈকে পলাতক হৈ আছে বিলাসীপাৰাৰ গেং অব ডেভিলছৰ সকলো সদস্য৷
গেং অব ডেভিলছৰ সদস্যক নাপাই আৰক্ষীয়ে সোধ পোছৰ বাবে আটক কৰিছে কেইবাজনো পৰিয়ালৰ লোকক৷
আনহাতে ঘটনাৰ বুজ ল’বলৈ বিলাসীপাৰা আৰক্ষী থানাত আজি আবেলিৰ ভাগত আহি উপস্থিত হয় নামনী অসমৰ আৰক্ষী মহাপৰিদৰ্শক দিলিপ দে সমন্বিতে ধুবুৰী জিলা আৰক্ষী অধীক্ষক অপৰ্ণা নটৰাজন৷

লগতে সাংবাদিকৰ সাক্ষাৎকাৰত পৰিদৰ্শক জনে প্ৰকাশ কৰে যে , ইতিমধ্যে উক্ত গেং অব ডেভিল্ছৰ লগত যোগাযোগ হোৱা আৰু কেইবাজনক থানালৈ লৈ অহা হৈছে আৰু অচিৰেই দোষী সকল কৰায়ত্ব হ’ব বুলি জানিবলৈ দিয়ে ।

জিয়াৰুল আলম

Leave A Reply

Your email address will not be published.